‘মোক বচাওক, নহ’লে ৰাজা ৰঘুবংশীৰ দৰে…!’ আৰক্ষীলৈ কাতৰ অনুৰোধ যুৱকৰ, ঘটনা কি?
মেঘালয়ত হানিমুনৰ বাবে আহি পত্নীৰ নৃশংস পৰিকল্পনাত প্ৰাণ হেৰুৱাইছিল ৰাজা ৰঘুবংশী নামৰ এজন যুৱকে। ৰাজা ৰঘুবংশীৰ জীৱনৰ এনে কৰুণ পৰিসমাপ্তি দেখি আতংকিত হৈ পৰিছে বহু লোক। এই খবৰৰ চৰ্চাৰ মাজতে আৰক্ষীলৈ আহিল এক অদ্ভুত অনুৰোধ। এজন যুৱকৰ কাৰুণ্যভৰা অনুৰোধ আৰক্ষীলৈ, অনুগ্ৰহ কৰি মোক বচাওক, নহ'লে মই পৰৱৰ্তী ৰজা ৰঘুবংশী হৈ যাম।

শেহতীয়াকৈ দেশজুৰি চৰ্চাৰ বাতৰি হৈ পৰিছিল ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড। পত্নীৰ সৈতে মেঘালয়ত হানিমুনৰ ৰোমাণ্টিক সময় কটাবলৈ আহি পত্নীৰ হাতত নৃশংসভাৱে প্ৰাণ হেৰুৱাইছিল ৰাজাই। এই শিহৰণকাৰী ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ। ৰাজা ৰঘুবংশীৰ জীৱনৰ এনে কৰুণ পৰিসমাপ্তি দেখি আতংকিত হৈ পৰিছে বহু লোক। এই খবৰৰ চৰ্চাৰ মাজতে আৰক্ষীলৈ আহিল এক অদ্ভুত অনুৰোধ। এজন যুৱকৰ কাৰুণ্যভৰা অনুৰোধ আৰক্ষীলৈ, অনুগ্ৰহ কৰি মোক বচাওক, নহ’লে মই পৰৱৰ্তী ৰজা ৰঘুবংশী হৈ যাম।
মধ্যপ্ৰদেশৰ ইন্দোৰৰ বাসিন্দা ৰাজা ৰঘুবংশীৰ বিবাহ হৈছিল সোণমৰ সৈতে। বিবাহৰ পিছত হানিমুনৰ বাবে দুয়ো আহিছিল মেঘালয়লৈ। এই সময়তে ৰাজা ৰঘুবংশীক সুপৰিকল্পিতভাৱে হত্যা কৰালে সোণমে। তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাই এই সমগ্ৰ পৰিকল্পনা বাস্তৱায়িত কৰাত সহায় কৰিছিল। এই ঘটনাৰ পিছতে সমগ্ৰ দেশতে বিয়পি পৰিছে চাঞ্চল্য। এতিয়া মধ্যপ্ৰদেশৰে এগৰাকী যুৱকৰ পৰা আহিছে এনে কৰুণ অনুৰোধ।
ৰাজ্যখনৰ ছাত্ৰপুৰ জিলাৰ বাসিন্দা বিকাশ পাটেৰিয়া নামৰ এজন যুৱকে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ নিজৰ প্ৰাণৰ সুৰক্ষাৰ বাবে অনুৰোধ জনায়। তেওঁৰ মতে, ইনষ্টাগ্ৰামত এগৰাকী যুৱতীৰ সৈতে তেওঁ কথা পাতিছিল আৰু পিছলৈ দুয়োৰে মাজত সম্পৰ্ক গাঢ় হৈ পৰে। ইয়াৰ পিছত যুৱতীগৰাকীয়ে বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে বুলি বিকাশে দাবী কৰে।
তেওঁ লগতে উল্লেখ কৰা মতে যুৱতীগৰাকী ইতিপূৰ্বেই বিবাহপাশত আৱদ্ধ হৈছিল। বিকাশৰ দাবী, এয়া যুৱতীগৰাকীৰ ব্যৱসায়। তেওঁ ভিন্ন যুৱকৰ লগত কথা পাতে আৰু ফান্দত পেলাই টকাৰ বাবে ব্লেকমেইল কৰে বুলি বিকাশে দাবী কৰিছে। ইফালে কিছু সময় পিছতে সমগ্ৰ ঘটনাটোত এক নতুন টুইষ্ট আহিল। বিকাশৰ পিছতে ইউটিউবাৰ যুৱতীগৰাকীয়েও এছ পিৰ কাৰ্যালয়ত অভিযোগ কৰে।
যুৱতীগৰাকীয়ে দাবী কৰা মতে বিকাশ ওৰফে লাকিয়ে তেওঁক মন্দিৰত বিয়া কৰাইছিল। তেওঁৰ লগত বিকাশে শাৰীৰিক সম্পৰ্কও গঢ়ি তুলিছিল আৰু এতিয়া বিয়া কৰাবলৈ অস্বীকাৰ কৰিছে বুলি যুৱতীগৰাকীয়ে দাবী তুলিছে। দুয়োপক্ষৰ পৰা এনে অভিযোগ লাভ কৰাৰ পিছতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
ইফালে এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, ইয়াৰ পূৰ্বেও যুৱতীগৰাকীৰ বিৰুদ্ধে ব্লেকমেইলৰ গোচৰ ৰুজু কৰা হৈছিল। সেই গোচৰৰো সম্প্ৰতি তদন্ত চলি আছে। এতিয়া পুনৰ এনে অভিযোগ পোৱাৰ পিছত সমগ্ৰ বিষয়টোৰ তদন্ত ক্ষীপ্ৰ কৰি তোলা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।