শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ডাঙৰ ঘটনা! ৪ মহলীয়া অট্টালিকা খহি ১৫ জনৰ মৃত্যু, আহত বহুজন…

পুনৰ পোহৰলৈ আহিছে এক শোকাবহ ঘটনা। এটা অট্টালিকা খহি মৃত্যু মুখত পৰে প্ৰায় ১৫ জন লোক, লগতে আহত হয় কেইবাজনো। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ডাঙৰ ঘটনা! ৪ মহলীয়া অট্টালিকা খহি ১৫ জনৰ মৃত্যু, আহত বহুজন…
মহাৰাষ্ট্ৰ
barasha-sarma
Barasha Sarma | Updated On: 28 Aug 2025 10:59 AM

পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। এটা চাৰিমহলীয়া অট্টালিকাৰ অংশ ভাঙি এতিয়ালৈকে প্ৰায় ১৫ জনকৈ লোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোকসকলৰ ভিতৰত মাতৃ-কন্যাও আছে। ইয়াৰোপৰি আহত হয় কেইবাজনো। ভাঙি যোৱা অট্টালিকাটোৰ নাম আছিল ৰামাবাই এপাৰ্টমেণ্ট। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ভিৰাৰত।

এতিয়া ঘটনাস্থলীত চলি আছে উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ কাম। বৰ্তমানলৈ উদ্ধাৰ কৰা হৈছে দুজন লোকক। ইয়াৰ বিপৰীতে ১৭ জন লোক থকাৰ কথা গম পোৱা গৈছে। সন্দেহ অনুসৰি, অট্টালিকাটোৰ ধ্বংসাৱশেষৰ তলত এতিয়াও আৱদ্ধ হৈ থাকিব পাৰে বহুলোক। মঙলবাৰ (২৬ আগষ্ট)য়ে নিশা এই অট্টালিকাটো ভাঙি পৰা বুলি গম পোৱা গৈছে।

জানিব পৰা মতে, ভিৰাৰৰ নৰঙী ফাটাৰ ৰামু চৌহদত অৱস্থিত স্বামী সমাৰ্থ নগৰৰ ৰামবাই এপাৰ্টমেণ্ট নামৰ চাৰি মহলীয়া অট্টালিকাটো ২০১২ চনত নিৰ্মাণ কৰা হৈছিল। ইতিমধ্যে এই অট্টালিকাটোক পৌৰ নিগমে বিপদজনক বুলি গণ্য কৰিছিল। কিন্তু তাৰপাছতো বহু লোক এই অট্টালিকাটোত বাস কৰি আছিল। এই ঘটনাৰ পাছতে ভাছাই-বিৰাৰ পৌৰ নিগমৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অট্টালিকা নিৰ্মাণকাৰীক জিম্মাত লৈছে। বৰ্তমান উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাই আছে।

প্ৰথম অৱস্থাত ধ্বংসাৱশেষ হাতেৰে আঁতৰ কৰা হয়। কিয়নো অট্টালিকা থকা অঞ্চলটো অতি সংকীৰ্ণ, যাৰ বাবে গধুৰ মেচিনবোৰ সেই অঞ্চলত প্ৰৱেশ কৰিব পৰা নাছিল। কিন্তু পৰৱৰ্তী সময়ত মেচিনেৰে এই ধ্বংসাৱশেষ আঁতৰ কৰা হয়। তাৰ পাছতে কামবোৰ দ্ৰুতগতিত কৰা হয়।

জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, যি স্থানত অট্টালিকাৰ অংশ খহি পৰে সেই স্থানত কোনো মানুহ নাছিল। তাৰ পাছত আন ঠাইবোৰ খালী কৰা হয়। ইয়াৰ লগতে মানুহবোৰক নিৰাপদ স্থানলৈ লৈ যোৱা হয়। এতিয়া অট্টালিকা  অবৈধ হোৱাৰ বিষয়টোও চৰ্চালৈ আহিছে। এই ঘটনা সন্দৰ্ভত সৰ্বত্ৰে তীব্ৰ চাঞ্চল্য অব্যাহত আছে।

 

 

অন্য খবৰ পঢ়কঃ গগৈয়ে উভতি ধৰিলে মুখ্যমন্ত্ৰীক! নিটি আয়োগৰ প্ৰতিবেদনত অসমৰ স্থান অন্তিম ৫ ৰাজ্যৰ তালিকাত…