সেনাৰ বৃহৎ সফলতা! জম্মু-কাশ্মীৰত নিহত ২ সন্ত্ৰাসবাদী, মহাৰাষ্ট্ৰ সীমান্তত ৪ নক্সালবাদীক হত্যা…
জম্মু-কাশ্মীৰৰ সীমান্তৰ গুৰেজ ছেক্টৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় গুলীচালনা। নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত দেখা গৈছিল এই ২ সন্ত্ৰাসবাদীক, তেওঁলোকে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। তাৰ পিছতে সন্ত্ৰাসবাদীয়ে জোৱানৰ ওপৰত গুলীচালনা আৰম্ভ কৰে।

জম্মু-কাশ্মীৰৰ সীমান্তত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা। ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা দুজন সন্ত্ৰাসবাদীক হত্যা কৰে নিৰাপত্তা বাহিনীয়ে। ভাৰতীয় সেনাই প্ৰদান কৰিছে। নৌশ্বেৰাৰ গুৰেজ ছেক্টৰত অভিযান চলাইছিল সেনাই। অপাৰেচন সেন্দূৰৰ পিছৰে পৰা এতিয়ালৈকে সেনাই কেইবাবাৰো সন্ত্ৰাসবাদীৰ সন্মুখীন হৈছে।
গুৰেজ ছেক্টৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় গুলীচালনা। নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত দেখা গৈছিল এই ২ সন্ত্ৰাসবাদীক, তেওঁলোকে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। তাৰ পিছতে সন্ত্ৰাসবাদীয়ে জোৱানৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। বুধবাৰে ২৭ আগষ্টত সেনাই এই তালাচী অভিযান আৰম্ভ কৰিছিল।
অভিযান সন্দৰ্ভত তথ্য প্ৰদান কৰাৰ সময়ত ভাৰতীয় সেনাৰ চাইনাৰ কৰ্পছে এক্স পোষ্টৰ জৰিয়তে কয়, ” অনুপ্ৰৱেশৰ সম্ভাৱ্য প্ৰচেষ্টা সন্দৰ্ভত গোপন তথ্য দিছিল জম্মু-কাশ্মীৰ আৰক্ষীয়ে। ইয়াৰ ভিত্তিত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে গুৰেজ ছেক্টৰত যৌথ অভিযান আৰম্ভ কৰে। সতৰ্ক হৈ থকা জোৱানসকলে সন্দেহজনক কাৰ্যকলাপ দেখি তেওঁলোকক প্ৰত্যাহ্বান জনাইছিল, যাৰ ফলত সন্ত্ৰাসবাদীয়ে গুলীচালনা আৰম্ভ কৰিছিল। এই অভিযান দুজন সন্ত্ৰাসবাদীক হত্যা কৰে ভাৰতীয় সেনাই।
OP NAUSHERA NAR IV, Bandipora
Based on intelligence provided by JKP regarding likely infiltration attempt, a joint operation was launched by #IndianArmy and @JmuKmrPolice in Gurez Sector. Alert troops spotted suspicious activity and challenged, which resulted in terrorists… pic.twitter.com/Jd6e1uHdpd
— Chinar Corps🍁 – Indian Army (@ChinarcorpsIA) August 28, 2025
ইফালে পূব মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাত বুধবাৰে নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত গুলীচালনা হয়। এই এনকাউণ্টাৰত নিৰাপত্তা বাহিনীয়ে এক বৃহৎ সফলতা লাভ কৰে। য’ত তিনিগৰাকী মহিলা নক্সালবাদীকে ধৰি কমেও চাৰিজন নক্সালবাদীক হত্যা কৰা হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ গাডচিৰোলি আৰু নাৰায়ণপুৰ জিলাৰ সীমান্তৰ সমীপত।
বিবৃতিটোত কোৱা হৈছে যে যোৱা ২৫ আগষ্টত কোপাৰশী বনাঞ্চলত গট্টা ডালাম, কোম্পানী নং ১০ আৰু গাডচিৰোলি সংমণ্ডলৰ অন্যান্য মাওবাদী ইউনিটৰ উপস্থিতিৰ বিষয়ে বিশ্বাসযোগ্য তথ্য আৰক্ষীয়ে লাভ কৰিছিল। বিবৃতিটোত গডচিৰোলি আৰক্ষীৰ নক্সাল বিৰোধী কমাণ্ডো বাহিনী চি-৬০ আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১৯টা ইউনিটে নক্সালবাদীৰ তথ্য লাভ কৰাৰ লগে লগে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে দলটোৰ দুটা ইউনিটক অঞ্চলটোলৈ প্ৰেৰণ কৰা হয়।
তাৰ পিছত দলটোৱে তালাচী অভিযান চলাই থকাৰ সময়তে নক্সালবাদীয়ে গুলীচালনা আৰম্ভ কৰে। নিৰাপত্তাৰক্ষীয়ে প্ৰতিশোধ লোৱাত প্ৰায় ৮ ঘণ্টা ধৰি মাজে মাজে গুলীচালনা অব্যাহত থাকে। বিষয়াসকলে জনোৱা মতে, ইয়াৰ পিছত তিনিগৰাকী মহিলা আৰু এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰ লগতে এটা এছ এল আৰ ৰাইফল, দুটা ইনছাছ ৰাইফল আৰু এটা .৩০৩ ৰাইফল উদ্ধাৰ কৰা হয়।
লগতে পঢ়ক: দেশত বান ,ভূমিস্খলনৰ বিধ্বংসী ৰূপ! ব্যাহত জনজীৱন, জম্মুত মৃত্যুৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি…