অব্যাহত বাংলাদেশৰ উত্তপ্ত পৰিস্থিতিঃ সীমান্তত সষ্টম BSF, গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা
ইতিমধ্যে গেডেস্থিত ভাৰত-বাংলাদেশ সীমান্ত ক্ৰছিঙত মৈত্ৰী এক্সপ্ৰেছ ৰে’ল সেৱা বন্ধ কৰি দিয়া হৈছে। সাধাৰণ পাছপ’ৰ্টধাৰীৰ চলাচল বহু পৰিমাণে হ্ৰাস পাইছে। বাংলাদেশত চলি থকা এই অশান্তময় পৰিস্থিতিৰ কাৰণেৰ চুবুৰীয়া দেশখনৰ সৈতে সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়ে চোৰাংচোৱাগিৰি বৃদ্ধি কৰিছে।

প্ৰতিনিধিত্বমূলক ছবি
অব্যাহত আছে বাংলাদেশৰ উত্তপ্ত পৰিস্থিতি। ছাত্ৰ নেতা তথা ইনকিলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওছমান হাদীৰ মৃত্যুৰ পিছত দেশখনৰ পৰিস্থিতি যথেষ্ট অৱনতি ঘটিছে। ৰাজধানী ঢাকাত শেহতীয়া সময়ছোৱাত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। সংবাদ মাধ্যমৰ কাৰ্যালয়ত সংঘটিত হৈছে ধাৰাবাহিকভাৱে অগ্নিসংযোগ। ইফালে, দেশখনত সংখ্যালঘু হিন্দু ধৰ্মীয় লোকৰ ওপৰত নিৰ্যাতনৰ বহু খবৰো পোহৰলৈ আহিছে। এনে খবৰৰ মাজতে দেশখনৰ মৈমনচিং জিলাত ধৰ্মক অপমান কৰাৰ অভিযোগত ৰাইজে প্ৰহাৰ কৰি হত্যা কৰে এজন হিন্দু যুৱকক।
এই ঘটনাই তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে ভাৰতত। হিন্দু ধৰ্মাৱলম্বী লোকৰ ওপৰত বাংলাদেশত হোৱা নিৰ্যাতনক ভাৰতীয় লোকে তীব্ৰ গৰিহণা দিয়া পৰিলক্ষিত হৈছে। ইফালে চুবুৰীয়া দেশখনত হোৱা এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।
ইতিমধ্যে গেডেস্থিত ভাৰত-বাংলাদেশ সীমান্ত ক্ৰছিঙত মৈত্ৰী এক্সপ্ৰেছ ৰে’ল সেৱা বন্ধ কৰি দিয়া হৈছে। সাধাৰণ পাছপ’ৰ্টধাৰীৰ চলাচল বহু পৰিমাণে হ্ৰাস পাইছে। বাংলাদেশত চলি থকা এই অশান্তময় পৰিস্থিতিৰ কাৰণেৰ চুবুৰীয়া দেশখনৰ সৈতে সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়ে চোৰাংচোৱাগিৰি বৃদ্ধি কৰিছে।
সীমান্তত কটকটীয়া নিৰাপত্তা
নিজ দেশত সংঘটিত হৈ থকা এনে ঘটনাক গৰিহণা দিছে সচেতন বাংলাদেশী নাগৰিকে। স্বাভাৱিকতেই চুবুৰীয়া দেশখনলৈ নিতান্তই প্রয়োজনতহে ভাৰতীয় নাগৰিকে যাত্ৰা কৰি আছে। প্ৰকাশিত খবৰ অনুসৰি বি এছ এফে সীমান্তত নিজৰ চোৰাংচোৱা শাখা সক্ৰিয় কৰি অনুপ্ৰৱেশ আৰু অবৈধ প্ৰব্ৰজন ৰোধ কৰিবলৈ হাই এলাৰ্টত আছে।
সীমান্ত বাহিনীটোৱে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু আইন অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে। ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফ, কাছাৰ-মিজোৰাম ফ্ৰণ্টিয়াৰে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা।
ইফালে কুছিয়াৰা নদীৰ পাৰত থাৰ্মেল কেমেৰা, নাইট ভিজন কেমেৰা, চিচিটিভি চিষ্টেম আৰু অন্যান্য সুৰক্ষা সঁজুলি স্থাপন কৰা হৈছে বুলি জানিব পৰা গৈছে। বাংলাদেশৰ সৈতে ভাৰতৰ ৪০৯৬ কিলোমিটাৰ সীমান্ত আছে, ইয়াৰে প্ৰায় ৯৪ কিলোমিটাৰ অসমৰ শ্ৰীভূমি জিলাত আৰু ২৭ কিলোমিটাৰ কাছাৰ জিলাত আছে।