BSFয়ে লাভ কৰিব ১৭ হাজাৰ জোৱান, পাকিস্তান আৰু বাংলাদেশ সীমান্তত স্থাপন হ’ব ২টাকৈ মুখ্য কাৰ্যালয়

BSFয়ে লাভ কৰিব ১৬টা নতুন বেটেলিয়ন। ইয়াৰ লগে লগে ১৭ হাজাৰ বৃদ্ধি পাব জোৱান । পাকিস্তান সীমান্তত স্থাপন কৰা হ’ব ৱেষ্টাৰ্ণ কমাণ্ডত আৰু বাংলাদেশ সীমান্তত ইষ্টাৰ্ণ কমাণ্ডত দুটা নতুন ক্ষেত্ৰ মুখ্য কাৰ্যালয় ।

BSFয়ে লাভ কৰিব ১৭ হাজাৰ জোৱান, পাকিস্তান আৰু বাংলাদেশ সীমান্তত স্থাপন হব ২টাকৈ মুখ্য কাৰ্যালয়

ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী ( ফাইল ফটো)

Updated On: 

06 May 2025 13:53 PM

ভাৰত-পাক যুদ্ধৰ চৰ্চাৰ মাজতে অৰ্ধসামৰিক বাহিনীৰ বাবে সুখবৰ। ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী (BSF)য়ে লাভ কৰিব ১৬টা নতুন বেটেলিয়ন।  ইয়াৰ লগে লগে প্ৰায় ১৭ হাজাৰ জোৱানৰ সংখ্যা বৃদ্ধি পাব। ইয়াৰ উপৰিও দুটা নতুন ফৰৱাৰ্ড মুখ্য কাৰ্যালয় বা অপাৰেচনেল কমাণ্ড চেণ্টাৰ স্থাপন কৰা হ’ব। দেশৰ পশ্চিম আৰু পূব কমাণ্ডত দুটা নতুন ক্ষেত্ৰ মুখ্য কাৰ্যালয় স্থাপন কৰা হ’ব।

বিশেষকৈ দুটা প্ৰত্যাহ্বানৰ কথা মনত ৰাখি বিএছএফৰ সৈন্যৰ সংখ্যা বৃদ্ধি কৰিছে কেন্দ্ৰই। এফালে পহলগাঁৱত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত যিকোনো মুহূৰ্ততে পাকিস্তানৰ সৈতে যুদ্ধৰ ভাবুকি আৰু আনফালে বাংলাদেশৰ পৰা শ্বেখ হাছিনা আঁতৰি যোৱাৰ পিছত অনুপ্ৰৱেশৰ ক্ৰমবৰ্ধমান ভাবুকি। ইতিমধ্যে ১৬টা নতুন বেটেলিয়নৰ বাবে অনুমতি দিয়া হৈছে, প্ৰয়োজন মাথোঁ কেন্দ্ৰৰ পৰা চূড়ান্ত অনুমোদনলৈ। বিএছএফৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰতি বছৰে সেনা বাহিনীৰ সংখ্যা বৃদ্ধি কৰা হ’ব। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে অনুমোদন দিয়াৰ পিছত আৰম্ভ হ’ব কাম। উল্লেখ্য যে, এই মুহূৰ্তত ১৯৩টা বি এছ এফৰ বেটেলিয়নে দেশৰ পশ্চিম আৰু পূব কমাণ্ডৰ সীমান্তত পহৰা দি আছে। প্ৰতিটো বেটেলিয়নত ১০০০ৰো অধিক অৰ্ধসামৰিক জোৱান থাকে। ১৬টা নতুন বেটেলিয়ন উপলব্ধ হোৱাৰ লগে লগে অৰ্ধসামৰিক বাহিনীৰ সংখ্যা প্ৰায় ১৭ হাজাৰলৈ বৃদ্ধি পাব। এতিয়া মুঠ বাহিনীৰ সংখ্যা ২ লাখ ৭০ হাজাৰৰ ওচৰ চাপিছে।

পাকিস্তান আৰু বাংলাদেশৰ সীমান্তৰ কোনবোৰ কৌশলগত স্থানত এই অতিৰিক্ত ১৭ হাজাৰ জোৱানে পহৰা দিব সেই সম্পৰ্কেও ইতিমধ্যে পৰিকল্পনা কৰিছে বিএছএফে। ইয়াৰ মাজতে দুটা নতুন ফিল্ড কমাণ্ড বেছ নিৰ্মাণৰ বাবে অনুমোদন প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত জম্মু বা পঞ্জাৱত আৰু বাংলাদেশ সীমান্তৰ বাবে মিজোৰামত আন এটা ঘাটি নিৰ্মাণ কৰিব বিএছএফে । সম্প্ৰতি বিএছএফৰ নেতৃত্বত আছে উপ-মহাপৰিদৰ্শক (DIG) পদবীৰ বিষয়া আৰু জম্মু সীমান্তৰ ৰাজৌৰী, জম্মু, সুন্দৰবেনী আৰু ইন্দ্ৰেশ্বৰ নগৰত ঘাটি স্থাপন কৰা হৈছে। তাৰোপৰি মিজোৰাম আৰু চাছাৰ সীমান্তৰ মুখ্য কাৰ্যালয় আছে অসমত। শিলচৰ, আইজল, মণিপুৰত আছে বিএছএফৰ  ঘাটি । সেনাৰ বাহিনীৰ সংখ্যা বৃদ্ধিৰ বাবে শীঘ্ৰে নতুন নিযুক্তি আৰম্ভ কৰিব বিএছএফে। বাছনিৰ পিছত যোগ্য প্ৰাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ইয়াৰ বাবে প্ৰায় ৫-৬ বছৰৰ সময় লাগিব পাৰে।

উল্লেখ্য যে, কেইবছৰমান পূৰ্বে বিএছএফে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক সৈন্যৰ সংখ্যা বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিছিল। দেশৰ দুটা গুৰুত্বপূৰ্ণ সীমান্তত অনুপ্ৰৱেশ আৰু উগ্ৰপন্থীৰ আক্ৰমণৰ ভাবুকি বৃদ্ধি পোৱাৰ মাজতে দেশৰ ভিতৰতে মাওবাদীক নিৰ্মূল কৰিবলৈ ২০-২১টা বেটেলিয়ন বৃদ্ধিৰ বাবে অনুৰোধ জনাইছে বি এছ এফৰ বিষয়াসকলে। সেই পৰামৰ্শ লাভ কৰাৰ পিছত এতিয়া সেনা বাহিনী বৃদ্ধিৰ সিদ্ধান্তত মোহৰ লগাবলৈ সাজু হৈছে কেন্দ্ৰ। বৰ্তমান দেশৰ প্ৰায় ৬৭২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তত পহৰা দি আছে বিএছএফে । যাৰ ভিতৰত ভাৰত আৰু পাকিস্তানৰ ২,২৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তও অন্তৰ্ভুক্ত। বাংলাদেশৰ সৈতে থকা ৪০৯৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ততো সতৰ্কতাৰে পহৰা দি আছে বি এছ এফে। চুবুৰীয়া দেশ দুখনৰ সীমান্ত কাঁইটীয়া তাঁৰবিহীন প্ৰায় ১০০০ কিলোমিটাৰ অংশ, য’ত নদী আৰু ঘন অৰণ্যৰে বিস্তৃত হৈ আছে। দুয়োটা সীমান্তৰ প্ৰায় ১৭৬০টা সীমান্ত চকী নিৰাপত্তাৰ দায়িত্ব বিএফএছৰ।

সেন্দূৰৰ ৰং কেৱল ৰঙা কিয়? আঁৰত আছে বিশেষ কাৰণ....
মহিলাসকলে কিয় কম বয়সীয়া পুৰুষক প্ৰেমিক হিচাপে বিচাৰে?
শৰীৰত প্ৰ’টিনৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে...
সঁচা প্ৰমাণিত হ'ল বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ভাৰত-পাক যুদ্ধক লৈ কি কৈছিল বাবা ভাংগাই? | Baba Venga prediction about India Pakistan war 0peration Sindoor India Strike on Pakistan