শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অপাৰেচন সেন্দূৰৰ পাছতে চীনৰ বৈদেশিক মন্ত্ৰীৰে টেলিফোনিক বাৰ্তালাপ অজিত ডোভালৰ

৭ মে’ৰ গভীৰ নিশা ভাৰতে আৰম্ভ কৰা অপাৰেচন সেন্দূৰৰ পাছত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ সৈতে ফোনযোগে কথা পাতে ডোভালে। সেই সময়ত চীনৰ বৈদেশিক মন্ত্ৰীক অপাৰেচন সেন্দূৰৰ সন্দৰ্ভত অৱগত কৰে ডোভালে।

অপাৰেচন সেন্দূৰৰ পাছতে চীনৰ বৈদেশিক মন্ত্ৰীৰে টেলিফোনিক বাৰ্তালাপ অজিত ডোভালৰ
Image Credit source: PTI
manas-borah
Manas Borah | Updated On: 07 May 2025 17:36 PM

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ কেতিয়াও পাহৰিব নোৱাৰে পাকিস্তানে । যোৱা নিশা ভাৰতীয় সেনাই পাক অধিকৃত কাশ্মিৰৰ কোটলি, বাহৱালপুৰ আৰু মুজফ্ফৰবাদকে ধৰি মুঠ ৯টা সন্ত্ৰাসবাদী ঘাটিত লক্ষ্য কৰি লয় । ভাৰতৰ এই পদক্ষেপক লৈ সমগ্ৰ বিশ্বতে চৰ্চা চলি আছে। ইয়াৰ মাজতে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা(NSA) অজিত ডোভালে চীনৰ বৈদেশিক মন্ত্ৰী/NSA ৱাং য়ীৰ সৈতে ফোন যোগে বাৰ্তালাপ কৰে বুলি জানিব পৰা গৈছে ।

৭ মে’ৰ গভীৰ নিশা ভাৰতে আৰম্ভ কৰা অপাৰেচন সেন্দূৰৰ পাছত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ সৈতে ফোনযোগে কথা পাতে ডোভালে। সেই সময়ত চীনৰ বৈদেশিক মন্ত্ৰীক অপাৰেচন সেন্দূৰৰ সন্দৰ্ভত অৱগত কৰে ডোভালে। লগতে তেওঁ স্পষ্টভাৱে কয় যে, ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধ নিবিচাৰে, কিন্তু যদি পাকিস্তানে কিবা কৰিবলৈ সাহস কৰে তেন্তে ইয়াৰ উপযুক্ত উত্তৰ পাব আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইয়াৰ পূৰ্বে ভাৰতৰ এই কাৰ্যৰ পিছত অজিত ডোভালে আমেৰিকাৰ এন এছ এ আৰু বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে কথা পাতি ভাৰতৰ এই কাৰ্যৰ বিষয়ে অৱগত কৰিছিল। এই কথা নিশ্চিত কৰিছে আমেৰিকাত থকা ভাৰতীয় দূতাবাসে। স্পষ্ট কৰি দিয়া হয় যে, ভাৰতৰ এই কাৰ্য কেন্দ্ৰীভূত আৰু নিখুঁত । কোনো পাকিস্তানী অসামৰিক, অৰ্থনৈতিক বা সামৰিক লক্ষ্যক লক্ষ্য কৰি লোৱা হোৱা নাছিল। কেৱল পৰিচিত সন্ত্ৰাসবাদী শিবিৰকহে লক্ষ্য কৰি লোৱা হৈছিল।

ইয়াৰ বাহিৰেও ডোভালে ব্ৰিটেইন, চৌদি আৰব, জাপানৰ সমকক্ষসকলৰ সৈতে কথা পাতি ভাৰতৰ এই কাৰ্যৰ বিষয়ে অৱগত কৰিছিল। ভাৰতে স্পষ্ট কৰি দিছে যে, দেশত সন্ত্ৰাস বিয়পোৱাসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব।

ভাৰতৰ এই অপাৰেচনৰ পাছত চীনে পাকিস্তানৰ সংগ এৰিছে বুলি খবৰ প্ৰকাশ পাইছে । সদায় পাকিস্তানক সহায় কৰাৰ কথা কোৱা চীনে পাকিস্তানক সংযম হ’বলৈ পৰামৰ্শ দিছে। চীনে কয় যে, পাকিস্তানে এনে কোনো কাম কৰিব নালাগে যাৰ ফলত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে, ভাৰত আৰু পাকিস্তান চুবুৰীয়া দেশ। ভৱিষ্যতেও দুয়োখন দেশ চুবুৰীয়া হৈ থাকিব লাগিব। এনে পৰিস্থিতিত দুয়োখন দেশে শান্তিপূৰ্ণভাৱে সমস্যাটো সমাধান কৰিব লাগে।

ইফালে, অপাৰেচন সেন্দূৰৰ অধীনত ভাৰতৰ বিমান আক্ৰমণৰ পিছত বুধবাৰে (৭ মে’) পাকিস্তানৰ ৰাজধানী ইছলামবাদত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ নেতৃত্বত ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। প্ৰায় দুঘণ্টা ধৰি চলি থকা এই বৈঠকত পাকিস্তানৰ সামৰিক আৰু অসামৰিক শীৰ্ষ নেতৃত্ব উপস্থিত আছিল। এই সময়ছোৱাত ভাৰতৰ আক্রমণৰ প্রতি কেনে প্রতিক্রিয়া দিব লাগে সেই সন্দর্ভতেই নহয়, জনসাধাৰণৰ ক্ষোভ আৰু আস্থাহীনতাক লৈও চর্চা চলিছিল৷