প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ বাবে বিশেষ প্ৰস্তুতি বিজেপিৰঃ অসমতো দেখা যাব এনে পদক্ষেপ…
বিজেপিয়ে প্ৰতি বছৰে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন সেৱা পখৱাড়া হিচাপে উদযাপন কৰি আহিছে। এই সময়ছোৱাত দলটোৱে দেশৰ বিভিন্ন প্ৰান্তত স্বচ্ছতা অভিযান, ১০০০ স্থানত ৰক্তদান শিবিৰ, এক পেড় মা কে নাম, ভ’কেল ফৰ লোকেল, প্ৰবুদ্ধ ভাৰ্গ সন্মিলন আৰু সেৱা পখৱাড়াৰ অধীনত স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে।

অহা ১৭ ছেপ্টেম্বৰত ৭৫ সংখ্যক জন্মদিন উদযাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিবছৰৰ দৰে এইবাৰো প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন ভাৰতীয় জনতা পাৰ্টিয়ে ‘সেৱা পখৱাড়া’ হিচাপে উদযাপন কৰিব। এই উদ্দেশ্যে বিজেপিয়ে আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি। প্ৰকাশিত খবৰ অনুসৰি বিজেপিয়ে মোদীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ দেশজুৰি সেৱাৰ পদক্ষেপ গ্ৰহণ কৰিব। লগতে দেশৰ ৭০খনতকৈও অধিক চহৰত মোদী বিকাশ মাৰাথনৰো আয়োজন কৰিব বিজেপিয়ে। ইয়াৰ উপৰিও সাংসদসকলে গ্ৰামাঞ্চলত ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিব।
বিজেপিয়ে প্ৰতি বছৰে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন সেৱা পখৱাড়া হিচাপে উদযাপন কৰি আহিছে। এই সময়ছোৱাত দলটোৱে দেশৰ বিভিন্ন প্ৰান্তত স্বচ্ছতা অভিযান, ১০০০ স্থানত ৰক্তদান শিবিৰ, এক পেড় মা কে নাম, ভ’কেল ফৰ লোকেল, প্ৰবুদ্ধ ভাৰ্গ সন্মিলন আৰু সেৱা পখৱাড়াৰ অধীনত স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে।
ইয়াৰ উপৰিও বিজেপিয়ে দেশৰ ৭৬খন বৃহৎ চহৰত মোদী বিকাশ মাৰাথনৰো আয়োজন কৰিব। গ্ৰাম্য পৰ্যায়ত বিজেপিৰ উদ্যোগত অনুষ্ঠিত হ’ব সাংসদ ক্ৰীড়া প্ৰতিযোগিতা। এই অনুষ্ঠানত বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈও চেষ্টা কৰিব দলটোৱে। এই সেৱা পখৱাড়া ২ অক্টোবৰ অৰ্থাৎ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনলৈকে অব্যাহত থাকিব।
বিগত বৰ্ষতো বিজেপিয়ে মোদীৰ জন্মদিন উপলক্ষে সেৱা পখৱাড়া উদযাপন কৰিছিল। বিজেপিয়ে ৰাজ্যিক মুখ্য কাৰ্যালয়ত পেৰিছ পেৰালিম্পিকৰ সকলো অংশগ্ৰহণকাৰীক সম্বৰ্ধনা জনাইছিল। ইয়াৰ সমান্তৰালকৈ দিব্যাংগ খেলুৱৈসকলক সহায়ক যন্ত্ৰ প্ৰদানৰ বাবে এক কাৰ্যসূচীৰো আয়োজন কৰা হৈছিল।
তদুপৰি প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিত্ব আৰু সাফল্যৰ ওপৰত ১৫ দিনীয়া প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। ইয়াৰ সমান্তৰালকৈ বহু ঠাইত বৃহৎ পৰিসৰত বৃক্ষৰোপণৰ কাৰ্যসূচীৰো আয়োজন কৰা হয়। তাৰ পিছত এক পেড় মা কে নাম অভিযানৰ অধীনত ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ গছপুলি ৰোপণ অভিযান চলোৱা হয়। এইবাৰো এই অভিযান চলোৱা হ’ব।
উল্লেখ্য যে অসমতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে দেখা যাব এক বিশেষ পদক্ষেপ। অসম চৰকাৰে ৰাজ্যৰ মহিলাসকলক প্ৰদান কৰি অহা অৰুণোদয় আঁচনিৰ ধন আগষ্ট মাহত প্ৰদান কৰা নাই। ইতিপূৰ্বেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্টেম্বৰত হিতাধিকাৰীসকলক এই ধন প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল।
যোৱা ১ আগষ্টত এক সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুলাই মাহত অৰুণোদয় ২.০ৰ অন্ত পৰা বুলি জানিবলৈ দিছিল। এই সংবাদমেলতে তেওঁ অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ পৰা অসমত অৰুণোদয় ৩.০ আঁচনি আৰম্ভ কৰা হ’ব বুলি সদৰী কৰিছিল।