TV9 ASSAM
ঘৰৰ চুকে-কোণে প্ৰায়ে পঁইতাচোৰা দেখা যায়। কেতিয়াবা পঁইতাচোৰাৰ সংখ্যা বৃদ্ধি পায়। এনে পৰিস্থিতিত সকাহৰ বাবে কিছুমান সহজ ঘৰুৱা উপায়ো গ্ৰহণ কৰিব পাৰে।
পদূনা পাতৰ অতি প্ৰবল আৰু সতেজ গোন্ধই পঁইতাচোৰা আঁতৰাব পাৰে। সেয়ে পঁইতাচোৰা আঁতৰাবলৈ পদূনা পাত পিচি পানীত মিহলাই ঘৰৰ চাৰিওফালে ছটিয়াই দিব পাৰে।
পঁইতাচোৰাৰ পৰা পৰিত্ৰাণ পাবলৈ নিম তেল বা গুড়ি ব্যৱহাৰ কৰিব পাৰে। এটা স্প্ৰে বটলত পানীৰ লগত নিম তেল অলপ মিহলাই পঁইতাচোৰা থাকিব পৰা ঠাইত স্প্ৰে কৰিব লাগে।
নহৰু, পিয়াঁজ আৰু জালুক পিহি পানীত উতলাই ঠাণ্ডা হোৱাৰ পিছত স্প্ৰে বটলত ভৰাই দিব। পঁইতাচোৰা থাকিব পৰা ঠাইত এই স্প্ৰে ব্যৱহাৰ কৰিলে উপকাৰিতা লাভ কৰিব।
তেজপাতৰ গোন্ধয়ো পঁইতাচোৰা আঁতৰাব পাৰে। ইয়াৰ বাবে তেজপাত পিহি সততে পঁইতাচোৰা দেখা পোৱা দুৱাৰ, আলমাৰী আৰু ঘৰৰ চুকসমূহত ৰাখিব পাৰে।
চাইট্ৰিক এচিডযুক্ত নেমুৰ ৰসে পঁইতাচোৰা আঁতৰোৱাত সহায় কৰে। পানীত নেমুৰ ৰস মিহলাই ল’লে মজিয়া পৰিষ্কাৰ কৰাত সহায়ক হোৱাৰ লগতে পঁইতাচোৰাও আঁতৰাব পাৰিব।
বগা ভিনেগাৰ আৰু পানী সমান পৰিমাণে মিহলাই স্প্ৰে বটলত ভৰাই থ’ব লাগে। ইয়াৰ পিছত পঁইতাচোৰা থাকিব পৰা ঠাইত ব্যৱহাৰ কৰিলে গোন্ধৰ বাবে পঁইতাচোৰা আঁতৰি যাব।
পঢ়িবলৈ ক্লিক কৰক
ঘৰৰ দুৱাৰমুখত এই ৫টা বস্তু থকাটো অশুভ!