আটা, ময়দা নে বেচন! কোনবিধৰ পৰা দেহৰ অধিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকে?
প্ৰতিটো বস্তুৰে ভাল আৰু বেয়া গুণ থকাৰ দৰে এই খাদ্য সামগ্ৰীসমূহৰো উপকাৰী আৰু অপকাৰী প্ৰভাৱ আছে। পিছে এইক্ষেত্ৰত কোনবিধ অধিক উপকাৰী আৰু কোনবিধ অধিক ক্ষতিকাৰক, জানো আহক।

সাধাৰণতে আমাৰ অধিকাংশ লোকৰে প্ৰধান খাদ্য ভাত। অৱশ্যে বহু লোকে নিশাৰ আহাৰত ৰুটিও গ্ৰহণ কৰে। তদুপৰি পুৱা-গধূলিৰ জলপানতো বহু লোকে ৰুটি, পৰঠা, লুচি-পুৰি আদি খোৱাও দেখা যায়। অৰ্থাৎ আটা, ময়দা আৰু বেচনৰ দ্বাৰা তৈয়াৰী বিভিন্ন ধৰণৰ খাদ্যসামগ্ৰী আমি প্ৰায়ে গ্ৰহণ কৰোঁ। এই আটা, ময়দা আৰু বেচন হৈছে কৃষিজাত সামগ্ৰী। প্ৰতিটো বস্তুৰে ভাল আৰু বেয়া গুণ থকাৰ দৰে এই খাদ্য সামগ্ৰীসমূহৰো উপকাৰী আৰু অপকাৰী প্ৰভাৱ আছে। পিছে এইক্ষেত্ৰত কোনবিধ অধিক উপকাৰী আৰু কোনবিধ অধিক ক্ষতিকাৰক, জানো আহক।
আটাঃ
সাধাৰণতে গোটা ঘেঁহু পিহি আটা তৈয়াৰ কৰা হয়। ইয়াত ঘেঁহুৰ সকলো ব্ৰাণ, বীজাণু আৰু এণ্ড’স্পাৰ্ম থাকে। ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যি পাচনত সহায় কৰে আৰু কোষ্ঠকাঠিন্য হ্ৰাস কৰে। আটাৰ গ্লাইচেমিক ইনডেক্স কম হোৱাৰ বাবে ই তেজৰ চেনি নিয়ন্ত্ৰণ কৰে। তদুপৰি আটাত আইৰণ, ভিটামিন বি কমপ্লেক্স, মেগনেছিয়াম ইত্যাদি থাকে।
আটাই দীৰ্ঘসময়লৈকে পেটটো ভৰাই ৰাখিব পাৰে আৰু এইদৰে ওজন নিয়ন্ত্ৰণত সহায় কৰে। অৱশ্যে ইয়াৰ কিছু ক্ষতিকাৰক প্ৰভাৱ আছে। বেছিকৈ আটাৰ দ্বাৰা তৈয়াৰী খাদ্য খোৱাৰ ফলত কাৰ্বহাইড্ৰেটৰ বাবে ওজন বৃদ্ধি হ’ব পাৰে। গ্লুটেনৰ প্ৰতি এলাৰ্জী থকাসকলৰ বাবে আটাই সমস্যাৰ সৃষ্টি কৰে।
ময়দাঃ
আটাৰ দৰে ময়দাও ঘেঁহুৰ পৰা তৈয়াৰ কৰা হয়, কিন্তু প্ৰচেচিঙৰ সময়ত ইয়াৰ ফাইবাৰ, ভিটামিন আৰু খনিজ পদাৰ্থ আঁতৰাই পেলোৱা হয়। কেৱল ষ্টাৰ্ছহে বাকী থাকে। লঘু আৰু কোমল খাদ্য তৈয়াৰ কৰাত ময়দা অধিক ব্যৱহাৰ হয়। লুচি, পৰঠা, কেক, বিস্কুট ইত্যাদি তৈয়াৰ কৰাটো অৱশ্যে ময়দা ব্যৱহৃত হয়। ময়দা সহজে হজম হয় যদিও পিছে তেজৰ চেনি সোনকালে বৃদ্ধি কৰে।
ফাইবাৰৰ অভাৱৰ বাবে ই কোষ্ঠকাঠিন্যৰ সমস্যা বৃদ্ধি কৰে। লগতে ময়দাই তেজত শৰ্কৰা সোনকালে বৃদ্ধি কৰে, যাৰ ফলত ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়। পুষ্টিকৰ মূল্য অতি কম যদিও ময়দাত কেলৰিৰ পৰিমাণ বেছি। সেয়ে ময়দাৰ দ্বাৰা তৈয়াৰী খাদ্য নিয়মীয়াকৈ খালে মেদবহুলতা আৰু কলেষ্টেৰলৰ সমস্যা হ’ব পাৰে।
বেচনঃ
শুকান বুট গুড়ি কৰি বেচন তৈয়াৰ কৰা হয়। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে, নিৰামিষভোজীৰ বাবে প্ৰটিনৰ এক উত্তম উৎস বেচন। ফাইবাৰৰ পৰিমাণ অধিক বাবে এই খাদ্য সামগ্ৰী পাচনৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হয়। বেচনে তেজত শৰ্কৰা মান বৃদ্ধি কৰিলেও সেই পৰিমান অতি কম।
বেচনত আইৰণ, মেগনেছিয়াম, পটাছিয়াম আদি উপকাৰী খনিজ পদাৰ্থ থাকে। কিন্তু যিসকল লোকৰ গেছ বা এলাৰ্জীৰ সমস্যা আছে তেওঁলোক অধিক মাত্ৰাত বেচনৰ দ্বাৰা তৈয়াৰী খাদ্য খোৱাৰ ক্ষেত্ৰত সাৱধান হোৱা ভাল। বেচনৰ দ্বাৰা তৈয়াৰী খাদ্য সাধাৰণতে অধিক তেলত ভজা হয়, এনে খাদ্য দেহৰ বাবে যথেষ্ট ক্ষতিকাৰক হ’ব পাৰে।