HIV ৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?

22 Aug 2025

TV9 ASSAM

HIV হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰা ভয়ংকৰ ভাইৰাছ। অসমত দিনক দিনে বৃদ্ধি পাইছে HIV সংক্ৰমণৰ হাৰ।

বৃদ্ধি পাইছে সংক্ৰমণ

এই ভাইৰাছ মূলতঃ অসুৰক্ষিত যৌন সম্পৰ্ক, সংক্ৰমিত বেজী ব্যৱহাৰ, তেজ সঞ্চালন আৰু জন্ম বা স্তনপানৰ সময়ত মাতৃৰ পৰা শিশুলৈ বিয়পে।

সংক্ৰমণ

HIV সংক্ৰমণৰ ২ৰ পৰা ৪ সপ্তাহৰ ভিতৰত ৰোগীয়ে জ্বৰ, ডিঙিৰ বিষ, মূৰৰ বিষ, পেশীৰ বিষ আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে।

জ্বৰ, ডিঙিৰ বিষ

একেদৰে HIV সংক্ৰমণৰ ফলত কিছুমান মানুহৰ শৰীৰত ৰঙা ফোঁহা, লিম্ফ ন’ড ফুলা আৰু ৰাতি ঘাম ওলোৱাও দেখা যায়।

 ৰঙা ফোঁহা

দ্ৰুত ওজন কমি যোৱা, সঘনাই ডায়েৰিয়া আৰু অহৰহ দুৰ্বলতাও HIV সংক্ৰমণৰ সাধাৰণ লক্ষণসমূহৰ ভিতৰত অন্যতম।

ওজন কমি যোৱা

কেইসপ্তাহমানৰ পিছত প্ৰাৰম্ভিক পৰ্যায়ৰ লক্ষণসমূহ নিজে নিজে নাইকিয়া হ’ব পাৰে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ভাইৰাছ নাইকিয়া হৈছে।

নাইকিয়া হ’ব

HIV ভাইৰাছ শৰীৰত লুকাই থাকে আৰু ক্ৰমান্বয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ক্ষতি কৰে। গতিকে এনে ধৰণৰ লক্ষণ দেখা দিলে লগতে HIV পৰীক্ষা কৰক।

HIV পৰীক্ষা কৰক

পঢ়িবলৈ ক্লিক কৰক

খাদ্য খোৱাৰ সময়ত পানী খাব লাগেনে?