শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ইন্দোৰৰ পথত অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰক অশ্লীল ইংগিত যুৱকৰ, BCCI-এ ক’লে- অতিকৈ লজ্জাজনক…

২৩ অক্টোবৰ বৃহস্পতিবাৰে পুৱা অষ্ট্ৰেলিয়াৰ দুগৰাকী মহিলা খেলুৱৈক এগৰাকী বাইকাৰে দুৰ্ব্যৱহাৰ কৰিছিল। তাৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই ঘটনাক দেশৰ বাবে লজ্জাজনক বুলি অভিহিত কৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)-এ এই বিষয়ত নিজৰ মৌনতা ভংগ কৰিছে।

ইন্দোৰৰ পথত অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰক অশ্লীল ইংগিত যুৱকৰ, BCCI-এ ক’লে- অতিকৈ লজ্জাজনক…
অষ্ট্ৰেলিয়াৰ খেলুৱৈক হাৰাশাস্তি, মুখ খুলিলে বিচিচিআইয়েImage Credit source: Pankaj Nangia/Getty Images/PTI
trishna-kalita
Trishna Kalita | Published: 25 Oct 2025 21:39 PM

মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰা অষ্ট্ৰেলিয়াৰ মহিলা দলটোৱে ইন্দোৰত এক লজ্জাজনক ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়। ২৩ অক্টোবৰ বৃহস্পতিবাৰে পুৱা অষ্ট্ৰেলিয়াৰ দুগৰাকী মহিলা খেলুৱৈক এগৰাকী বাইকাৰে দুৰ্ব্যৱহাৰ কৰিছিল। তাৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই ঘটনাক দেশৰ বাবে লজ্জাজনক বুলি অভিহিত কৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)-এ  এই বিষয়ত নিজৰ মৌনতা ভংগ কৰিছে।

কি ক’লে বিচিচিআইয়ে?

ইন্দোৰত অষ্ট্ৰেলিয়াৰ দুগৰাকী মহিলা খেলুৱৈক দুৰ্ব্যৱহাৰ কৰাৰ লৈ  বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই কয় যে, “সমগ্ৰ ঘটনাটো অতিকৈ লজ্জাজনক। এনে কাণ্ড সংঘটিত হ’ব নালাগে। আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।” ব’ৰ্ডৰ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে, “এয়া অতি দুৰ্ভাগ্যজনক ঘটনা। এনে ঘটনাই বদনামী কৰে। আৰক্ষীৰ তৎকালীন ব্যৱস্থা প্ৰশংসনীয়।  যাৰ ফলত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। দোষীক শাস্তি দিবলৈ আইনে নিজৰ কাম কৰিব লাগিব।”

সমগ্ৰ ঘটনাটো কি?

অষ্ট্ৰেলিয়াৰ খেলুৱৈ দুগৰাকীয়ে ইন্দোৰৰ হোটেল ৰেডিছন ব্লুৰ পৰা খজৰানা ৰোডৰ কেফেলৈ খোজ কাঢ়ি গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়। বগা চাৰ্ট আৰু ক’লা টুপী পিন্ধা এজন যুৱকে বাইকেৰে তেওঁলোকৰ পিছে পিছে যাবলৈ ধৰে। সুযোগ গ্ৰহণ কৰি যুৱকজনে এগৰাকী খেলুৱৈক অশ্লীল ইংগিত দি পলায়ন কৰে। ইয়াৰ ফলত দুয়োগৰাকী খেলুৱৈয়ে ভয় খাইছিল। লগে লগে তেওঁলোকৰ দলৰ নিৰাপত্তা বিষয়া ডেনি ছিমনছলৈ লোকেচন আৰু জৰুৰীকালীন বাৰ্তা প্ৰেৰণ কৰে।

ছিমনছে কয়, “মই তেওঁৰ মেছেজ পঢ়ি থাকেতে মোলৈ এজন খেলুৱৈৰ ফোন আহিল। তেওঁ ফোনত কান্দি আছিল আৰু কৈছিল যে কোনোৱে আমাক সৈতে দুৰ্ব্যৱহাৰ কৰিছে। মই লগে লগে গাড়ী পঠিয়াই তেওঁলোকক হোটেললৈ ঘূৰাই আনিলোঁ। তাৰ পিছত ছিমনছে আৰক্ষীক জনাইছিল। ডেনি ছিমনছৰ অভিযোগৰ ভিত্তিত এম আই জি আৰক্ষী থানাই গোচৰ ৰুজু কৰিছিল।”

ইয়াৰ পিছতে তদন্তৰ বাবে বিজয় নগৰ, এম আই জি, খজৰানা, পৰদেশীপুৰা, আৰু কানাদিয়া থানাৰ দল মোতায়েন কৰা হয়। চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰাৰ অন্তত অভিযুক্ত আকিল খান নামৰ খজৰানাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। যোৱা ২৪ অক্টোবৰত আজাদ নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল অকীলক।

ঘটনা সন্দৰ্ভত অতিৰিক্ত ডিচিপি (ক্ৰাইম ব্ৰাঞ্চ) ৰাজেশ দণ্ডোটিয়াই কয় যে, অষ্ট্ৰেলিয়াৰ দলটোৰ নিৰাপত্তা বিষয়াৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে। ছয় ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে অভিযুক্ত অকীলক গ্ৰেপ্তাৰ কৰে। নিৰাপত্তাৰ ক্ষেত্ৰত ক’ত ভুল হৈছিল সেই বিষয়টোক লৈ এতিয়া তদন্ত চলি আছে।