শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শীঘ্ৰেই ৰে’লপথত নামিব নতুন বন্দে ভাৰত, ৰাজধানী এক্সপ্ৰেছক জনাব প্ৰত্যাহ্বান

এতিয়া নতুন ৰূপত ৰে’লপথত নামিবলৈ সাজু হৈছে বন্দে ভাৰত এক্সপ্ৰেছ। এই ৰে’লখনে আপোনাৰ দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ অভিজ্ঞতা নিশাটোৰ ভিতৰতে সলনি কৰি দিব। জানো আহক এই বিষয়ে।

শীঘ্ৰেই ৰে’লপথত নামিব নতুন বন্দে ভাৰত, ৰাজধানী এক্সপ্ৰেছক জনাব প্ৰত্যাহ্বান
নতুন ৰূপত বন্দে ভাৰতImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 25 Oct 2025 13:47 PM

ভাৰতীয় ৰেলসেৱাত অভিনৱ সংযোজন হিচাপে অন্তৰ্ভুক্ত হৈছিল দেশীয় নিৰ্মিত দ্ৰুতবেগী ৰে বন্দে ভাৰত এক্সপ্ৰেছ এই বন্দে ভাৰত এক্সপ্ৰেছ এতিয়া নতুন ৰূপত ৰেলপথত নামিবলৈ সাজু হৈছে নতুন এই ৰেলখনৰ বাবে দীৰ্ঘদিনৰ অপেক্ষা প্ৰায় অন্ত পৰাৰ দিশেহয়তো চলিত বৰ্ষৰ শেষৰ ফালে দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে মুকলি হ’ব এয়া বন্দে ভাৰত এক্সপ্ৰেছৰ সম্পূৰ্ণ নতুন শ্লীপাৰ সংস্কৰণচেয়াৰ কাৰৰ পৰিৱৰ্তে এই নতুন শ্লীপাৰ ট্ৰেইনত থাকিব আৰামদায়ক বাৰ্থ

এই ৰেলখনে আপোনাৰ দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ অভিজ্ঞতা নিশাটোৰ ভিতৰতে সলনি কৰি দিব। সূত্ৰ অনুসৰি প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল দিল্লীৰ পৰা আহমেদাবাদ, ভোপাল বা পাটনালৈ চলাচল ব পাৰে। বন্দে ভাৰতৰ এই নতুন ৰেলখনে দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ সময় কেইবাঘণ্টাও হ্ৰাস কৰিব

ইয়াৰ বাহিৰেও এই ৰেলৰ গতিবেগেও আপোনাক আচৰিত কৰিব। এই নতুন ৰে’লখন ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত চলিব। অৰ্থাৎ পূৰ্বে প্ৰায় ১৭ ঘণ্টা সময় প্ৰয়োজন হোৱা দূৰত্বৰ যাত্ৰাত নতুন বন্দে ভাৰত শ্লীপাৰে ১৫ ঘণ্টাৰো কম সময়তে এতিয়া এই দূৰত্ব অতিক্ৰম কৰিব

পিছে এই নতুন ৰেলখন কেনেকুৱা হ’ব? জানিব পৰা মতে, এই ৰেলখনত মুঠ ১৬টা ডবা থাকিব। ইয়াৰেটা first AC, ৪টা AC 2-tier আৰু ১১টা AC 3-tier ডবা থাকিব। এই নতুন ৰে’লখনৰ মুঠ যাত্ৰী ক্ষমতা হ ৮২৩ জন। প্ৰতিটো ডবাত আধুনিক ইণ্টেৰিয়ৰ, চেঞ্চৰ লাইটিং আৰু USB চাৰ্জিং প’ৰ্টৰ সুবিধা থাকিব

এই বন্দে ভাৰত শ্লীপাৰ ৰেলখনত যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে। ‘কৱচ’ ব্যৱস্থাৰ দ্বাৰা সম্পূৰ্ণৰূপে সুৰক্ষিত হ’ব এই ৰে’লখন। যদিহে এই ৰেলখন মুকলি কৰা হয়, তেতিয়া ইয়াৰ দ্বাৰা দেশৰ জনসাধাৰণৰ সময় ৰাহি হোৱাই নহয়, ভাৰতীয় ৰে’লৱেৰ আধুনিকীকৰণ আৰু স্বাৱলম্বীতাৰ দিশতো ই এক ডাঙৰ পদক্ষেপ হিচাপে বিবেচিত হ’ব।

বন্দে ভাৰত শ্লীপাৰ ৰেলৰ চলাচল হোৱাৰ পিছত যাত্ৰীসকলে এই ৰেলখনক ৰাজধানী বা ডুৰন্টো এক্সপ্ৰেছতকৈও অধিক পছন্দ কৰিব বুলি আশা কৰা হৈছে। গতিকে এই নতুন ৰেলখনৰ চলাচল আৰম্ভ হোৱালৈ স্বাভাৱিকতেই অপেক্ষা কৰিছে সকলোৱে