শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Bihar Exit Poll Results 2025: বিহাৰত আকৌ এবাৰ এন ডি এ চৰকাৰ, দুৰ্বল প্ৰদৰ্শন প্ৰশান্ত কিশোৰৰ পাৰ্টিৰ

Bihar Elections 2025 TV9 Bharatvarsh Exit Poll Result: সৰহ সংখ্যকেই নেশ্য়নেল ডেমক্ৰেটিক এলায়েন্স চমুকৈ এন ডি এক অধিক আসন দিয়া দেখা গৈছে এগজিট প'লত। উল্লেখ্য যে বিহাৰ বিধানসভাৰ মুঠ আসনৰ সংখ্যা ২৪৩ খন। চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসনৰ সংখ্যা হৈছে ১২২ খন।

Bihar Exit Poll Results 2025: বিহাৰত আকৌ এবাৰ এন ডি এ চৰকাৰ, দুৰ্বল প্ৰদৰ্শন প্ৰশান্ত কিশোৰৰ পাৰ্টিৰ
manas-borah
Manas Borah | Updated On: 11 Nov 2025 20:43 PM

অন্ত পৰিল বিহাৰ নিৰ্বাচনৰ দুটা পৰ্যায়ৰ ভোটগ্ৰহণ। অহা ১৪ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা। ভোটগণনা অন্ত পৰাৰ লগে লগেই প্ৰকাশ পাইছে বিহাৰ নিৰ্বাচনৰ এগজিট প’ল। সৰহ সংখ্যকেই নেশ্য়নেল ডেমক্ৰেটিক এলায়েন্স চমুকৈ এন ডি এক অধিক আসন দিয়া দেখা গৈছে এগজিট প’লত। উল্লেখ্য যে বিহাৰ বিধানসভাৰ মুঠ আসনৰ সংখ্যা ২৪৩ খন। চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসনৰ সংখ্যা হৈছে ১২২ খন।

এগজিট প’লত প্ৰায় প্ৰতিটো সংস্থাই এন ডি এই ১৩০ খনতকৈ অধিক লাভ কৰিব বুলি প্ৰকাশ কৰিছে। উল্লেখ্য যে, এগজিট প’ল হৈছে এক ভৱিষ্যদ্বাণী । এগজিট প’লে সাধাৰণ জনতাক ফলাফলৰ এক ধাৰণাহে দিয়ে। ই কেতিয়াও প্ৰকৃত ফলাফল নহয়। ই কেতিয়াবা সঠিব হ’ব পাৰে আৰু কেতিয়াবা প্ৰকৃত নিৰ্বাচনী ফলাফলত ইয়াৰ বিপৰীত ছবি দেখা যাব পাৰে।

বিহাৰ বিধানসভা নিৰ্বাচনক লৈ এগজিট প’লে কি কৈছে ? চাওক

Bihar Election Matrize exit poll: প্ৰকাৰে বিহাৰৰ বিধানসভা এন ডি এৰ দখললৈ যোৱা ভৱিষ্যদ্বাণী কৰিছে মেট্ৰিজ এক্সিট প’ল। দেখা গৈছে যে, এন ডি এয়ে বিহাৰত ১৪৭-১৬৭ খন আসন লাভ কৰাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে মেট্ৰিজ এক্সিট প’লে। ইফালে, মহাজোটবন্ধনক ৭০-৮০খন, জনসুৰাজ পাৰ্টিয়ে ০-২ খন, অন্যান্যই ২-৮ খন আসন লাভ কৰাৰ ভৱিষ্যদ্বাণী কৰা হৈছে।

Bihar Election People’s Insight exit poll: পিপলছ ইনচাইটেও এন ডি এয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ ভৱিষ্যদ্বাণী কৰিছে। তেওঁলোকে এন ডি এক ১৩৩-১৪৮ খন, মহাজোটবন্ধনক ৮৭-১০২ খন, জনসুৰাজ পাৰ্টিক ০-২ খন আৰু নিৰ্দলীয়ক ৩-৬ খন আসন দিছে।

Bihar Election JVC’s exit poll: বেছিভাগ এক্সিট প’লৰ JVC য়েও এনডিএৰ সংখ্যাগৰিষ্ঠতাৰ ভৱিষ্যদ্বাণী কৰিছে। তেওঁলোকে এন ডি এক ১৩৫-১৫০ খন, মহাজোটবন্ধনক ৮৮-১০৩ খন আৰু জনসুৰাজ পাৰ্টিক ০-১ আৰু নিৰ্দলীয়ক ৩-৬ খন আসন দিছে।

Bihar Election Kamakhya Analytics exit poll: কামাখ্যা এনালিটিক্সে এন ডি এৰ বাবে ১৮৭খন আসনৰ ভৱিষ্যদ্বাণী কৰিছে। এন ডি এক ১৬৭-১৮৭ খন, মহাজোটবন্ধনক ৫৪-৭৪ খন আৰু জনসুৰাজ পাৰ্টিক ০-২, অন্যান্যক ২-৭ খন দিছে।

Bihar Election Chanakya exit poll: চাণক্যই এন ডি এক ১৩০-১৩৮ খন আসন দিয়াৰ বিপৰীতে মহাজোটবন্ধনক ১০০-১০৮ খন, জনসুৰাজ পাৰ্টি ০-০ আৰু অন্যান্যক ৩-৫ খন দিছে।

Bihar Election Polstrat exit poll: পলষ্ট্ৰেটে এন ডি এক ১৩৩-১৪৮ খন দিয়াৰ বিপৰীতে মহাজোটবন্ধনক ৮৭-১০২ খন, অন্যান্যক ৩-৫ খন দিছে।