শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জামিন পালে বিতৰ্কিত এ চি এছ নূপুৰ বৰাই, গ্ৰেপ্তাৰৰ সময়ত কি ভুল কৰিছিল আৰক্ষীয়ে?

অধিবক্তা বিজন মহাজনে জনোৱা মতে, নূপুৰ বৰাক গ্ৰেপ্তাৰৰ সময়ত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা উলংঘা কৰিছিল আৰক্ষীয়ে। অধিবক্তাগৰাকীয়ে জনোৱা মতে নিশা আঠ বজাত ফাৰ্ষ্ট ক্লাছ ন্যায়িক দণ্ডাধীশৰ অনুমতি নোলোৱাকৈ গ্ৰেপ্তাৰ কৰা হৈছিল নূপুৰ বৰাক।

জামিন পালে বিতৰ্কিত এ চি এছ নূপুৰ বৰাই, গ্ৰেপ্তাৰৰ সময়ত কি ভুল কৰিছিল আৰক্ষীয়ে?
জামিন পালে নূপুৰ বৰাই
raj-saikia
Raj Saikia | Updated On: 11 Nov 2025 19:14 PM

মঙলবাৰে জামিন লাভ কৰিছে বিতৰ্কিত এ চি এছ বিষয়া নূপুৰ বৰাই। বিশেষ আদালতে আজি তেওঁক জামিন প্ৰদান কৰে। যোৱা ১৫ ছেপ্টেম্বৰত অসামঞ্জস্যপূৰ্ণ সম্পত্তি আহৰণ আৰু উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল বিষয়াগৰাকী। গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল নূপুৰ বৰাই। তেওঁৰ হৈ আইনী যুঁজ কৰে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে।

দুৰ্নীতিৰে ভূমি হস্তান্তৰৰ অভিযোগত প্ৰায় ছমাহ ধৰি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গোপনে অনুসন্ধান কৰি আছিল নূপুৰ বৰাৰ। এক বিস্তৃত তদন্তৰ পৰা এই গোচৰৰ উদ্ভৱ হৈছে। অভিযানৰ সময়ত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ বিষয়াসকলে গুৱাহাটীস্থিত তেওঁৰ বাসগৃহৰ পৰা প্ৰায় ১ কোটি টকা মূল্যৰ গহনা আৰু নগদ ৯২ লাখ টকা জব্দ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও বৰপেটা জিলাত তেওঁৰ ভাড়াঘৰৰ পৰা প্ৰায় ১০ লাখ নগদ ধন উদ্ধাৰ কৰা হয়।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই পূর্বে উল্লেখ কৰিছিল যে বৰপেটাত চক্র বিষয়াৰ কার্যকালত আর্থিক সুবিধাৰ বিনিময়ত হিন্দু মালিকানাধীন মাটি “সন্দেহজনক ব্যক্তি”ক হস্তান্তৰ কৰাৰ সন্দেহত বৰাৰ বিৰুদ্ধে তদন্ত কৰা হৈছিল।

অধিবক্তা বিজন মহাজনে জনোৱা মতে, নূপুৰ বৰাক গ্ৰেপ্তাৰৰ সময়ত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা উলংঘা কৰিছিল আৰক্ষীয়ে। অধিবক্তাগৰাকীয়ে জনোৱা মতে নিশা আঠ বজাত ফাৰ্ষ্ট ক্লাছ ন্যায়িক দণ্ডাধীশৰ অনুমতি নোলোৱাকৈ গ্ৰেপ্তাৰ কৰা হৈছিল নূপুৰ বৰাক।

মহাজনে লগতে আঙুলিয়াই দিয়ে যে এই পদ্ধতিগত ভুলে আদালতত বিচাৰ বিভাগৰ স্থিতি দুৰ্বল কৰি তুলিলে। ফলত চৰকাৰী অধিবক্তাই নূপুৰ বৰাৰ অধিবক্তাই উত্থাপন কৰা যুক্তি প্ৰতিহত কৰাত ব্যৰ্থ হোৱাৰ বাবে জামিন লাভ কৰে অভিযুক্তগৰাকীয়ে।