শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বেদখলৰ বিৰুদ্ধে অব্যাহত থাকিব উচ্ছেদ অভিযান, বৰ্তমানলৈ কিমান বিঘা বনভূমি বেদখলমুক্ত কৰিলে জনালে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্রীয়ে বনভূমিত যাতে নতুনকৈ কোনো বেদখল আৰম্ভ হ'ব নোৱাৰে সেই দিশত সজাগ হৈ থাকিবলৈ জনসাধাৰণক আহ্বান জনায়। সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ জৰিয়তে বকো, গোৱালপাৰা পশ্চিম আৰু দুধনৈ বিধানসভা সমষ্টি জনজাতীয় লোকসকলৰ বাবে সংৰক্ষিত সমষ্টিলৈ ৰূপান্তৰ হৈছে বুলিও তেওঁ কয়।

বেদখলৰ বিৰুদ্ধে অব্যাহত থাকিব উচ্ছেদ অভিযান, বৰ্তমানলৈ কিমান বিঘা বনভূমি বেদখলমুক্ত কৰিলে জনালে মুখ্যমন্ত্ৰীয়ে
barasha-misra
Barasha Misra | Published: 11 Nov 2025 20:53 PM

আজি কামৰূপ জিলাৰ ছয়গাঁৱৰ পাল্টান উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত ৪,৬৭৩ টা জনজাতীয় পৰিয়ালক বনভূমিৰ স্বত্ব-পত্র প্রদান কৰে মুখ্যমন্ত্ৰীয়ে। জনজাতীয় গৌৰৱ বৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে জনজাতীয় গৌৰৱ বৰ্ষ পষেক উপলক্ষে শ্বহীদ বীৰছা মুণ্ডা, জয়া থাউচেন, শ্বহীদ হাজংমাতা ৰাশিমনি হাজং, শ্বহীদ কমলা মিৰি, কাতিৰাম ৰাভা, হেমৰাম পাটৰ, শ্বহীদ মাঘীৰাম কছাৰী, ভীমবৰ দেউৰী, শ্বহীদ বীৰ সম্বুধন ফংলোচনাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অর্পণেৰে শ্রদ্ধা নিবেদন কৰে।

এই অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেণ্ড, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সুমন হৰিপ্রিয়া, হেমাংগ ঠাকুৰীয়া, নন্দিতা দাস, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, অতিৰিক্ত মুখ্য সচিব ছুইটী চাংচন, কামৰূপ জিলা আয়ুক্ত দেৱ মিশ্রকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি তথা শীর্ষ বিষয়াই অংশগ্ৰহণ কৰে।

১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ অনুষ্ঠিত এই পদক্ষেপৰ জৰিয়তে লখৰা, বোন্দাপাৰা, কুলশী, লোহাৰঘাট, বামুণীগাঁও, বকো আৰু শিংৰা বনাঞ্চলৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলসমূহত বসবাস কৰি অহা গাৰো, ৰাভা, বড়ো আৰু কাৰ্বি জনজাতীয় লোকৰ পৰিয়ালক সামৰি লোৱা হৈছে।

আজি মুখ্যমন্ত্রী ড° শর্মাই অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাধীনতা সংগ্রামী বীৰছা মুণ্ডাৰ আদৰ্শৰ কথা সুঁৱৰে। বীৰছা মুণ্ডাৰ ডেৰশ তম্ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি সমগ্র দেশে জনজাতীয় গৌৰৱ বৰ্ষ পালন কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে, ‘আজি ভূমি স্বত্ব-পত্র লাভ কৰা পৰিয়ালসমূহে সুদীর্ঘ সময়ধৰি বনভূমিত বসবাস কৰি আহিছিল। ২০০৫ চনত দেশৰ সংসদে বনভূমিৰ ওপৰত জনজাতীয় লোকৰ অধিকাৰক স্বীকৃতি দি আইন প্রণয়ন কৰিছিল।’

২০২১ চনত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰাৰ পিছত তেওঁ ৰাজ্যৰ বনাঞ্চলত বসবাস কৰি থকা প্ৰতিটো জনজাতীয় লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ দিশত পদক্ষেপ গ্রহণ কৰিবলৈ সংশ্লিষ্ট বিভাগ তথা বিষয়াসকলক নির্দেশ প্ৰদান কৰিছিল। তাৰ ফলস্বৰূপে শোণিতপুৰ, নগাঁও, কাৰ্বি আংলং আৰু বিটিআৰকে ধৰি বিভিন্ন অঞ্চলত কেইবা সহস্র জনজাতীয় লোকে ভূমিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ সদৰী কৰে যে শোণিতপুৰ আৰু বিশ্বনাথ জিলাতো প্রায় ৫ হাজাৰ জনজাতীয় পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদানৰ প্ৰক্ৰিয়া শেষ পর্যায়ত উপনীত হৈছে।

মুখ্যমন্ত্ৰীয়ে কয়, ‘আমাৰ প্ৰচেষ্টা হৈছে অসমৰ বনাঞ্চলসমূহত বসবাস কৰি থকা প্ৰতিগৰাকী জনজাতীয় লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা। মই আনন্দিত যে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাই জনজাতীয় লোকসকলক সকাহ দিবলৈ সক্ষম হৈছে আৰু অসমত জনজাতীয় লোকসকলৰ ভূমিৰ সমস্যা ক্রমাগতভাৱে হ্রাস পাই আহিছে। এসময়ত জনজাতীয় লোকসকলে ভূমিৰ বাবে আন্দোলনৰ কাৰ্যসূচী হাতত ল’বলগা পৰিৱেশৰ সৃষ্টি হৈছিল। এনে লোকসকলে বিভিন্ন স্থানত উচ্ছেদৰো সন্মুখীন হ’বলগা হৈছিল। ৰাজ্যৰ বনাঞ্চলত বাস কৰি থকা জনজাতীয় লোকসকলৰ ভূমিৰ সমস্যা দূৰ কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ শীর্ষ বিষয়াসকলক নির্দেশৰ দিয়া হৈছিল। বসুন্ধৰা আঁচনিৰ প্ৰথম পৰ্যায়ত প্রায় ডেৰ লাখতকৈও অধিক জনজাতীয় পৰিয়ালে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু বহু জনজাতীয় লোকে আৱেদন কৰা নাছিল, কিয়নো এনে লোকসকলৰ হাতত পৈত্ৰিকভাৱে বহু ভূমি আছিল যদিও বসুন্ধৰা আঁচনিৰ জৰিয়তে ৭ বিঘা ভূমিৰ পট্টা প্ৰদানৰহে ব্যৱস্থা গ্রহণ কৰা হৈছিল।’

ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘ইয়াৰ পৰিপ্ৰেক্ষিততে জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ মন্ত্ৰী তথা ট্রাইবেল সংঘৰ সৈতে মই আলোচনা কৰি বসুন্ধৰাৰ জৰিয়তে জনজাতীয় লোকসকলক ৫০ বিঘালৈকে পট্টা প্ৰদানৰ সিদ্ধান্ত লৈছিলোঁ। এই সিদ্ধান্তৰ ফলত জনজাতীয় লোকসকলে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছে।’ তেওঁ লগতে উল্লেখ কৰে যে জনজাতীয় লোকসকলে বাস কৰি থকা বহু ভূমি ‘নন কেডেস্ট্রেল’ ভূমি আছিল। বিগত চাৰে চাৰি বছৰীয়া কাৰ্যকালত ৰাজ্য চৰকাৰে এনে ভূমি ‘কেডেস্ট্রেল’ ভূমিলৈ পৰিৱৰ্তন কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল। ইয়াৰ ফলস্বৰূপে প্রায় ৬০০ খন গাঁও ‘নন কেডেস্ট্রেল’ৰ পৰা ‘কেডেস্ট্রেল’ ভূমিলৈ পৰিৱৰ্তন কৰাৰ পিছত এনে গাঁওসমূহতো বহু জনজাতীয় লোকে ভূমিৰ পট্টা লাভ কৰিবলৈ সমর্থ হৈছে। আজি চৰকাৰৰ প্ৰচেষ্টাত জনজাতীয় লোকসকলে ভূমিৰ অধিকাৰ পাবলৈ সক্ষম হৈছে। স্বাধীনতাৰ প্ৰায় ৭৮ বছৰ পিছত কামৰূপ জিলাৰ পূৱ আৰু পশ্চিম বনসংমণ্ডলৰ বনাঞ্চলত বাস কৰা জনজাতীয় লোকসকলে প্ৰকৃতাৰ্থত ভূমিৰ স্বত্বাধিকাৰী হ’বলৈ সক্ষম হ’ল। ই আমাৰ বাবে গৌৰৱৰ বিষয় বুলি প্ৰকাশ কৰে।

বৰ্তমানৰ ৰাজ্য চৰকাৰখনে বনাঞ্চলৰ ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব প্রদান কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। গোৱালপাৰা আৰু কামৰূপ জিলাৰ বনাঞ্চলকে ধৰি ৰাজ্যৰ বিভিন্ন বনাঞ্চলসমূহত একাংশ লোকে আৰম্ভ কৰা বেদখলৰ ফলস্বৰূপে বনভূমি সংকুচিত হোৱা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰে বনভূমিৰ এনে বেদখলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ ফলত বর্তমানলৈকে ১ লাখ ৪৫ হাজাৰ বিঘা বনভূমি বেদখলমুক্ত হৈছে। গোৱালপাৰা জিলাত হাছিলা বিল, পাইকান সংৰক্ষিত বনাঞ্চল আৰু দহিকটা বনাঞ্চলত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, ‘ৰাজ্য চৰকাৰে অনাগত দিনসমূহতো এনে উচ্ছেদ অভিযান অব্যাহত ৰাখিব।’

ভাষণত মুখ্যমন্ত্রীয়ে বনভূমিত যাতে নতুনকৈ কোনো বেদখল আৰম্ভ হ’ব নোৱাৰে সেই দিশত সজাগ হৈ থাকিবলৈ জনসাধাৰণক আহ্বান জনায়। সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ জৰিয়তে বকো, গোৱালপাৰা পশ্চিম আৰু দুধনৈ বিধানসভা সমষ্টি জনজাতীয় লোকসকলৰ বাবে সংৰক্ষিত সমষ্টিলৈ ৰূপান্তৰ হৈছে বুলিও তেওঁ কয়। জনজাতীয় গৌৰৱ বৰ্ষ পষেক উদ্যাপনৰ সময়ছোৱাতে জনজাতীয় লোকসকলক তেওঁলোকৰ ভাষা, পৰম্পৰা, ৰীতি-নীতি আদি সংৰক্ষণৰ বাবে সংকল্পবদ্ধ হ’বলৈও তেওঁ আহ্বান জনায়।

ভাষণত মুখ্যমন্ত্রীয়ে কয় যে, বীৰছা মুণ্ডাই জনজাতীয় লোকসকলৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰাৰ উপৰি এনে লোকসকলৰ ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে মাত মাতিছিল। বীৰছা মুণ্ডাই ধৰ্মপ্ৰচাৰকৰ দায়িত্ব লৈ জনজাতীয় লোকসকলৰ পৰম্পৰা, ধৰ্ম আৰু বিশ্বাস আদিক পুনৰ সংস্থাপন কৰিবলৈ প্রয়াস চলাইছিল। ঊনবিংশ শতিকাতে জনজাতীয় জাগৰণৰ সপোন দেখা, সাংস্কৃতিক আগ্রাসনৰ কু-প্ৰভাৱৰ বিষয়ে অনুভৱ কৰা আৰু জনজাতীয় লোকৰ ধৰ্মক সংৰক্ষণ কৰিব বিচৰা সাহসী বীৰছা মুণ্ডা আছিল ভাৰতবৰ্ষৰ এগৰাকী অনন্য ৰাষ্ট্ৰনেতা। বীৰছা মুণ্ডা নামৰ এটি প্রতিবাদী কণ্ঠ, এটি দূৰদৰ্শী চিন্তাক চিৰজাগ্ৰত কৰি ৰাখিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জনজাতীয় গৌৰৱ দিৱস সমগ্ৰ ৰাষ্ট্ৰতে পালনৰ সিদ্ধান্ত গ্রহণ কৰিছে। বীৰছা মুণ্ডাৰ আদর্শ অসমত অতি প্রয়োজনীয়। আজি আমাৰ জনজাতীয় সমাজৰ সন্মুখত যিসমূহ নতুন নতুন প্রত্যাহ্বান আহি পৰিছে, সেই সমূহ মোকাবিলা কৰিবলৈ আমি বীৰছা মুণ্ডাৰ আদৰ্শৰে আগবাঢ়ি যাব লাগিব।’