শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অপাৰেচন মহাদেৱৰ সফলতা! সেনাৰ গুলীত নিহত পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সেনাই অপাৰেচন মহাদেৱৰ জৰিয়তে ৩ সন্ত্ৰাসবাদীক হত্যা কৰে। এই কাৰ্যক গৃহমন্ত্ৰী অমিত শ্বাহে নিশ্চিত কৰে, য’ত লস্কৰ-ই-তৈবাৰ বিশিষ্ট সদস্য চুলেমানী শ্বাহকো অন্তৰ্ভুক্ত কৰা হৈছে।

অপাৰেচন মহাদেৱৰ সফলতা! সেনাৰ গুলীত নিহত পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড…
পহলগাম
trishna-kalita
Trishna Kalita | Published: 29 Jul 2025 13:10 PM

সংসদত অপাৰেচন সিন্দুৰক লৈ বিভিন্ন চৰ্চা চলি আছে। ইয়াৰ পূৰ্বেও এই সন্দৰ্ভত বিৰোধীয়ে বহু প্ৰশ্ন উত্থাপন কৰিছিল। এতিয়া সমগ্ৰ বিষয়টোক লৈ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে কৰিছে এক ডাঙৰ ঘোষণা কৰিছে। সোমবাৰে অপাৰেচন মহাদেৱৰ সন্দৰ্ভত তেওঁ কয় যে অপাৰেচন মহাদেৱৰ জৰিয়তে পহলগাম আক্ৰমণৰ সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা সন্ত্রাসবাদীৰ সন্ধানত আছিল সেনাই। সেনাই সমগ্ৰ উপত্যকাটোত একেলগে কেইবাটাও তালাচী অভিযান চলাই আছিল। ইয়াৰ লগতে সন্দেহজনক লোকক জেৰা কৰি আছিল। সোমবাৰে পহলগামত পৰ্যটকৰ ওপৰত বৰ্বৰ আক্ৰমণ চলোৱা সন্ত্ৰাসবাদীসকলে জংঘলত আত্মগোপন কৰি থকা বুলি তথ্য লাভ কৰে।

পহলগাম আক্ৰমণকাৰী নিহত

ইনপুট লাভৰ লগে লগে সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ পৰিকল্পনা কৰে সেনাই। ইয়াৰ বাবে প্ৰথমে ড্ৰোনৰ জৰিয়তে সেনাই তেওঁলোকক চিনাক্ত কৰিছিল। পিছত নেচনেল ৰাইফলৰ জোৱানে তেওঁলোকক হত্যা কৰে। নিহত সন্ত্ৰাসবাদীৰ ভিতৰত এজন হৈছে লস্কৰ-ই-তৈবা (এল ই টি)ৰ সদস্য আৰু পহলগাম আক্ৰমণৰ মূল গুলীচালনাকাৰী আৰু মাষ্টাৰমাইণ্ড বুলি সন্দেহ কৰা চুলেমানী শ্বাহ।

পুৱা ১১ বজাৰ পৰা আৰম্ভ হয় সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত এই এনকাউণ্টাৰ। নেশ্যনেল ৰাইফলছ আৰু ৪ পেৰা ইউনিটৰ দলটোৱে মুলনাৰ অঞ্চলত সন্ত্ৰাসবাদীক লক্ষ্য কৰি লৈ যায়। সেনাই গ্ৰহণ কৰা এই তাৎক্ষণিক ব্যৱস্থাত প্ৰচণ্ড গুলীচালনা হয়। এই কাৰণেই তিনিওজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়। ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্ট কৰি দিছে যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্তক সেনাই হত্যা কৰিছে।

গৃহমন্ত্ৰীয়ে কয় যে ‘অপাৰেচন মহাদেৱত ৩ টা সন্ত্ৰাসবাদী চুলেমান, আফগান, জিব্ৰান নিহত হৈছে। সকলো বস্তু যোৱা নিশা চণ্ডীগড়লৈ পঠিওৱা হৈছিল। গোটেই ৰাতিটো মেচিং কৰা হ’ল, উদ্ধাৰ কৰা কাৰ্টিজৰ এফ এছ এল ৰিপ’ৰ্ট প্ৰস্তুত কৰা হ’ল। সকলো বিজ্ঞানীয়ে নিশ্চিত কৰিছে যে যিবোৰ কাৰ্টিজ পোৱা গৈছিল সেইবোৰ পহলগামত নিক্ষেপ কৰা গুলীৰ দৰেই এম-৯ আৰু এ কে-৪৭।