প্ৰেম, টকা আৰু তাৰ পিছত পানীৰ টেংকিত…. ৫০ বছৰীয়া প্ৰেমিকৰ জঘন্য কাণ্ড
মহিলাগৰাকীয়ে বাৰে বাৰে ধাৰলৈ দিয়া ধন ঘূৰাই বিচাৰিছিল যদিও জয়পালে অস্বীকাৰ কৰিছিল। টকাখিনি ঘূৰাই নোপোৱাত তনুশ্ৰীয়ে তেওঁক ব্লেকমেইল কৰিবলৈ ধৰিলে। সকলোকে তেওঁলোকৰ সম্পৰ্কৰ কথা ক’ম বুলি ভাবুকি দিয়ে। এই কথাত ভয় খাই জয়পালে তনুশ্ৰীক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰে।

এক ভয়ানক হত্যাকাণ্ডৰ কাহিনী কঁপাইছে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচী। দুই পুত্ৰৰ সৈতে ৫০ বছৰীয়া প্ৰেমিকে হত্যা কৰিলে ৩০ বছৰীয়া প্ৰেমিকাক। এই ঘটনা সন্দৰ্ভত ৩ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। ঘটনাৰ পিছৰে পৰা শোৰস্তব্ধ হৈ পৰিছে মৃতকৰ পৰিয়ালৰ লোকসকল। ব্লেকমেইলিং আৰু ঋণৰ ধন ঘূৰাই বিচৰাৰ বাবেই অভিযুক্তই এই অপৰাধ সংঘটিত কৰে।
২৯ ছেপ্টেম্বৰত ৰাঁচীৰ সদৰ থানা এলেকাৰ পিএইচইডি পানীৰ টেংকিৰ ওচৰত তেজেৰে লুতুৰী-পুতুৰী হৈ থকা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। মহিলাগৰাকীৰ ডিঙি কাটি নৃশংসভাৱে হত্যা কৰা হয়। বহু চেষ্টাৰ পিছতো ৭২ ঘণ্টা ধৰি চিনাক্ত কৰিব পৰা নাছিল মৃতদেহটো। হত্যাকাণ্ডৰ তদন্তৰ বাবে ৰাঁচী চহৰৰ এছ পি পাৰস ৰানাৰ নেতৃত্বত আৰু ডি এছ পি সঞ্জীৱ বেছৰাৰ নেতৃত্বত এটা দল গঠন কৰে ৰাঞ্চিৰ এছ এছ পিয়ে।
বিভিন্ন কাৰিকৰী দিশ আৰু উদ্ধাৰ হোৱা প্ৰমাণৰ ভিত্তিত তদন্তকাৰী দলে প্ৰথমে মৃত লোকজনক অৰমানঝি আৰক্ষী থানা এলেকাৰ বাসিন্দা তনুশ্ৰী বুলি চিনাক্ত কৰে। ইয়াৰ পিছতে তেওঁৰ প্ৰেমিক জয়পাল সিং (প্ৰায় ৫০) আৰু তেওঁৰ দুই পুত্ৰ ধীৰাজ সিং (২৪) আৰু কৰণ কুমাৰ সিং (১৯)ক গোচৰৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰা হয়। আৰক্ষীয়ে তেওঁলোকক কঠোৰভাৱে জেৰা কৰাত পিতৃ-পুত্ৰৰ ভয়ংকৰ কাণ্ড পোহৰলৈ আহে।
অৱশেষত তেওঁলোকে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। অভিযুক্তৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত দা আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হয়। ৰাঁচীৰ আৰক্ষী অধীক্ষক পৰস ৰাণাই উল্লেখ কৰে যে, তনুশ্ৰী আৰু জয়পালৰ মাজত ভাল সম্পৰ্ক আছিল। তনুশ্ৰীয়ে জয়পালক ৮০ হাজাৰ টকা ধাৰলৈ দিছিল। তনুশ্ৰীয়ে প্ৰথমে সদৰ অঞ্চলত বাস কৰিছিল যদিও পিছলৈ অৰমানঝিলৈ গুচি যায়।
তেওঁ বাৰে বাৰে ধাৰলৈ দিয়া ধন ঘূৰাই বিচাৰিছিল যদিও জয়পালে অস্বীকাৰ কৰিছিল। টকাখিনি ঘূৰাই নোপোৱাত তনুশ্ৰীয়ে তেওঁক ব্লেকমেইল কৰিবলৈ ধৰিলে। সকলোকে তেওঁলোকৰ সম্পৰ্কৰ কথা ক’ম বুলি ভাবুকি দিয়ে। এই কথাত ভয় খাই জয়পালে তনুশ্ৰীক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰিলে আৰু তাৰ পিছত তেওঁৰ একাউণ্টৰ পৰা ধন উলিয়ালে। হত্যাকাণ্ডৰ পিছত জয়পালে তনুশ্ৰীৰ চিম কাৰ্ড আঁতৰাই পেলায়।
চিম কাৰ্ডখন নিজৰ ফোনত সুমুৱাই জয়পালে PhonePe সক্ৰিয় কৰি নিজৰ একাউণ্টলৈ ৫০ হাজাৰ টকা ট্ৰেন্সফাৰ কৰে। পিতৃ-পুত্ৰৰ যুটিটোৱে ধন উলিয়াবলৈ চেষ্টা কৰি থকা অৱস্থাত আৰক্ষীয়ে তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়।