Justice Yashwant Varma: দেশৰ প্ৰথমজন অপসাৰিত ন্যায়াধীশ হ’ব নেকি ন্যায়াধীশ বাৰ্মা?
নগদ ধনৰ কেলেংকাৰীৰ অভিযুক্ত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ গোচৰত সেয়া দেখা যাবনে? দেশৰ ভিতৰতে অপসাৰণ হোৱা প্ৰথমজন ন্যায়াধীশ হ’ব নেকি ন্যায়াধীশ বাৰ্মা?
স্বাধীন ভাৰতৰ এক নজিৰবিহীন ঘটনা। নগদ ধনৰ কেলেংকাৰীৰ অভিযুক্ত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ গোচৰত সেয়া দেখা যাবনে? দেশৰ ভিতৰতে অপসাৰণ হোৱা প্ৰথমজন ন্যায়াধীশ হ’ব নেকি ন্যায়াধীশ বাৰ্মা? সোমবাৰে শাসক আৰু বিৰোধী উভয় দলৰ ২০০ৰো অধিক সাংসদে ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ আৰম্ভণিৰ আবেদনক সমৰ্থন কৰে।
সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। এই অধিৱেশনৰ প্ৰথম দিনাই ১৫২ গৰাকী সাংসদে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক ন্যায়াধীশ বাৰ্মাক অপসাৰণৰ বাবে এখন স্মাৰক পত্ৰ দাখিল কৰে। ৰাজ্যসভাৰ ৫০ জনতকৈ অধিক সাংসদেও একেটা প্ৰস্তাৱ উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ক দাখিল কৰে।
আৱেদনকাৰীসকলৰ ভিতৰত আছে শাসক আৰু বিৰোধী দুয়োটা ৰাজনৈতিক দলৰ সাংসদ। আৱেদনত বিজেপি, কংগ্ৰেছ, টিডিপি, জেডিইউ, চিপিএম আদি দলৰ সাংসদসকলে স্বাক্ষৰ কৰিছে। অনুৰাগ ঠাকুৰ, ৰবি শংকৰ প্ৰসাদ, ৰাহুল গান্ধীও আছে স্বাক্ষৰকাৰীৰ তালিকাত।