TV9 ASSAM
মুখৰ দুৰ্গন্ধ এক অস্বস্তিকৰ সমস্যা। বহু লোকে ভাবে যে ভালদৰে দাঁত ব্ৰাছ নকৰিলে মুখৰ গোন্ধ ওলায়। কিন্তু মুখৰ দুৰ্গন্ধৰ আঁৰত আন কিছুমানো কাৰণ থাকিব পাৰে।
মুখ অপৰিষ্কাৰ হৈ থাকিলে, মুখ শুকান হৈ থাকিলে, ধূমপান কৰিলে আৰু খাদ্যাভ্যাসৰ ফলতো মুখৰ দুৰ্গন্ধৰ সমস্যা হ’ব পাৰে।
পিছে দীৰ্ঘদিনীয়া মুখৰ দুৰ্গন্ধ কেৱল মুখৰ সমস্যাৰ বাবেই নহয়, কেতিয়াবা ই বিভিন্ন ৰোগৰ প্ৰাৰম্ভিক লক্ষণো হ’ব পাৰে। এই বিষয়ে জানো আহক।
পিৰিয়ডণ্টেল ডিজিজৰ ফলত দাঁতৰ আলুত বেক্টেৰিয়া জমা হয়। এনে পৰিস্থিতিত মুখৰ পৰা দুৰ্গন্ধ ওলায়।
টনচিলত বগা পাথৰৰ দৰে বস্তু জমা হৈ মুখৰ দুৰ্গন্ধৰ সৃষ্টি হয়। চাইনাছৰ সংক্ৰমণ বা শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বাবেও মুখৰ দুৰ্গন্ধ ওলায়।
অনিয়ন্ত্ৰিত ডায়েবেটিছৰ ফলত মুখত এচিটনৰ দৰে গোন্ধ ওলায়, মুখৰ এই গোন্ধ অস্বাভাৱিক।
শৰীৰৰ বিষাক্ত পদাৰ্থ সঠিকভাৱে আঁতৰাই নিদিলে লিভাৰ চিৰ’ছিছ বা দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ হ’ব পাৰে।
এচিডিটি বা গেষ্ট্ৰিক ৰিফ্লাক্সৰ ফলত পেটত থকা অতিৰিক্ত এচিড মুখলৈ উঠি আহে, ইয়াৰ ফলত মুখৰ দুৰ্গন্ধ ওলায়।
পঢ়িবলৈ ক্লিক কৰক
এদিনত এজন লোকে কিমান কণী খোৱা উচিত