এদিনত এজন লোকে কিমান কণী খোৱা উচিত জানেনে?

22 July 2025

TV9 ASSAM

কণী অতি দেহ উপকাৰী খাদ্য, সেয়া আমি জানো। সেয়ে দৈনিক খাদ্য তালিকাত কণী থাকিলে ভাল। পিছে বেছিকৈ কণী খোৱা শৰীৰৰ বাবে ভাল নে বেয়া?

কণী

কণীয়ে দেহত প্ৰটিনৰ যোগান ধৰে। বহুলোকে স্বাস্থ্যসন্মত জীৱনশৈলীৰ বাবে দৈনিক কণী খায়। অৱশ্যে দিনটোত বেছিকৈ কণী খোৱাটো ভাল নহয়।

স্বাস্থ্যসন্মত

চিকিৎসকৰ মতে, এজন প্ৰাপ্তবয়স্ক লোকে গোটেই দিনটোত সৰ্বাধিক ৩টা কণী খাব পাৰে। ইয়াতকৈ বেছি পৰিমাণে কেতিয়াও খোৱা উচিত নহয়।

মতামত

কিন্তু যিসকলৰ উচ্চ ৰক্তচাপ বা কলেষ্টেৰল আছে তেওঁলোকে কণী খাব নালাগে। বেছিকৈ কণী খালে কলেষ্টেৰল বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।

সমস্যা

যদি আপুনি কেৱল প্ৰটিনৰ বাবেহে কণী খাব লাগে, তেতিয়া এটাতকৈ অধিক কণী খাব নালাগে। তেতিয়াও কেৱল কণীৰ বগা অংশহে খাব লাগে।

বগা অংশ

খেলুৱৈ অৰ্থাৎ ক্ৰীড়াৰ লগত জড়িতসকলে দিনটোত ২ৰ পৰা ৪টা কণী খায়। অৱশ্যে খাদ্য বিশেষজ্ঞৰ লগত আলোচনা কৰিহে এই সিদ্ধান্ত লোৱা উচিত।

সঠিক সিদ্ধান্ত

হৃদযন্ত্ৰৰ সমস্যা থকাসকলে বেছিকৈ কণী খালে অধিক বিপদত পৰে। লগতে পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। বিশেষকৈ গ্ৰীষ্মকালত অধিক কণী খোৱাৰ পৰা বিৰত থাকিব লাগে।

এনে সমস্যা

পঢ়িবলৈ ক্লিক কৰক 

পত্নীৰ এনে অভ্যাস পৰিয়ালৰ অৱনতিৰ কাৰণ!