ৰাতি শুই উঠাৰ আগে আগে পত্নীৰ ভৰি চুই প্ৰণাম কৰে ৰবি কৃষণে ! অভিনেতাজনে কিয় এনে কৰে?
ৰবি কেৱল চিনেমাৰ ক্ষেত্ৰতে নহয়, ৰাজনীতিৰ ক্ষেত্ৰখনতো এজন শক্তিশালী নেতা। ৰবিৰ সফলতাৰ আঁৰত আছে তেওঁৰ পত্নী। কোৱা হয় যে প্ৰতিজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰী থাকে।

ৰবি কৃষণ। দক্ষিণৰ ছবিৰ পৰা আৰম্ভ কৰি তেওঁ বলীউড আৰু ভোজপুৰী চলচ্চিত্ৰ উদ্যোগত অতি জনপ্ৰিয়। কিন্তু ৰবি কেৱল চিনেমাৰ ক্ষেত্ৰতে নহয়, ৰাজনীতিৰ ক্ষেত্ৰখনতো এজন শক্তিশালী নেতা। ৰবিৰ সফলতাৰ আঁৰত আছে তেওঁৰ পত্নী। কোৱা হয় যে প্ৰতিজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰী থাকে।
এই প্ৰবচনটোৰ উজ্জ্বল নিদৰ্শন ৰবি কৃষণ। সেইবাবেই অভিনেতাজনে বাৰে বাৰে পত্নীক ধন্যবাদ দিবলৈ নাপাহৰে। কেৱল ধন্যবাদ দিয়াই নহয়, ৰাতি শোৱাৰ আগতে পত্নীক প্ৰণাম কৰিবলৈ নাপাহৰে ৰবি কৃষণে।
শেহতীয়াকৈ ৰবি কৃষণ আহিছিল দ্য কপিল শৰ্মা শ্ব’লৈ Son of Sardaar ছবিখনৰ প্ৰচাৰৰ বাবে। অজয় দেৱগনো আছিল তেওঁৰ লগত। তাতেই কপিল শৰ্মাই তেওঁক এটা প্ৰশ্ন সোধাত তেওঁ এই ব্যক্তিগত তথ্য প্ৰকাশ কৰে।
ৰবিয়ে কয়, “মই সদায় প্ৰীতিক মোৰ কাষত পাই আহিছো। দুখৰ সময়ত হওক বা সুখৰ সময়ত হওক। মই যেতিয়া ভাঙি পৰো তেতিয়া প্ৰীতিয়ে মোৰ যত্ন লয়। মই বহুত ভাগ্যৱান যে এনেকুৱা এগৰাকী পত্নী পাইছো। সেইবাবেই মই তেওঁক ভগৱানৰ ঠাইত ৰাখোঁ। সেইবাবেই মই প্ৰতি নিশা তেওঁৰ ভৰি চুই প্ৰণাম কৰি ধন্যবাদ জনাওঁ।”
ৰবিয়ে লগতে কয়, “প্ৰীতিৰ বৰ খং উঠে। তেওঁ মোক ভৰি চুই প্ৰণাম কৰিবলৈ নিদিয়ে। কিন্তু প্ৰীতি টোপনি আহিলে মই তেওঁৰ ভৰি দুখন চুই প্ৰণাম কৰো। বহু বছৰ ধৰি এনেকৈ চলি আহিছে।”