শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিপদ বাঢ়িছে ন্যায়াধীশ বাৰ্মাৰ ! ৰাহুল-অনুৰাগে একেলগে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিলে…

দেশৰ ভিতৰতে অপসাৰণ হোৱা প্ৰথমজন ন্যায়াধীশ হ’ব নেকি ন্যায়াধীশ বাৰ্মা? সোমবাৰে শাসক আৰু বিৰোধী উভয় দলৰ ২০০ৰো অধিক সাংসদে ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ আৰম্ভণিৰ আবেদনক সমৰ্থন কৰে।

বিপদ বাঢ়িছে ন্যায়াধীশ বাৰ্মাৰ ! ৰাহুল-অনুৰাগে একেলগে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিলে…
ন্যায়াধীশ যশৱন্ত বাৰ্মা
manas-borah
Manas Borah | Published: 22 Jul 2025 20:54 PM

স্বাধীন ভাৰতৰ এক নজিৰবিহীন ঘটনা। নগদ ধনৰ কেলেংকাৰীৰ অভিযুক্ত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ গোচৰত সেয়া দেখা যাবনে? দেশৰ ভিতৰতে অপসাৰণ হোৱা প্ৰথমজন ন্যায়াধীশ হ’ব নেকি ন্যায়াধীশ বাৰ্মা? সোমবাৰে শাসক আৰু বিৰোধী উভয় দলৰ ২০০ৰো অধিক সাংসদে ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ আৰম্ভণিৰ আবেদনক সমৰ্থন কৰে।

সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। এই অধিৱেশনৰ প্ৰথম দিনাই ১৫২ গৰাকী সাংসদে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক ন্যায়াধীশ বাৰ্মাক অপসাৰণৰ বাবে এখন স্মাৰক পত্ৰ দাখিল কৰে। ৰাজ্যসভাৰ ৫০ জনতকৈ অধিক সাংসদেও একেটা প্ৰস্তাৱ উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ক দাখিল কৰে।

আৱেদনকাৰীসকলৰ ভিতৰত আছে শাসক আৰু বিৰোধী দুয়োটা ৰাজনৈতিক দলৰ সাংসদ। আৱেদনত বিজেপি, কংগ্ৰেছ, টিডিপি, জেডিইউ, চিপিএম আদি দলৰ সাংসদসকলে স্বাক্ষৰ কৰিছে। অনুৰাগ ঠাকুৰ, ৰবি শংকৰ প্ৰসাদ, ৰাহুল গান্ধীও আছে স্বাক্ষৰকাৰীৰ তালিকাত।

সূত্ৰই জনোৱা মতে, সংসদৰ দুয়োটা সদনে যৌথভাৱে তিনিজনীয়া এখন সমিতি গঠন কৰিব পাৰে। ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰিব কমিটীয়ে। জানিব পৰা মতে, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আনুষ্ঠানিকভাৱে এই পেনেল গঠনৰ কথা ঘোষণা কৰিব পাৰে।

এই কমিটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু বিশিষ্ট আইনবিদ থাকিব পাৰে। সূত্ৰ অনুসৰি, সংসদৰ পৰৱৰ্তী অধিৱেশনত ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ প্ৰতিবেদন কমিটীয়ে দাখিল কৰিব পাৰে।

ভাৰতীয় সংবিধান অনুসৰি উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক অপসাৰণ কৰিবলৈ সংসদত অভিযোগনামা দাখিলৰ প্ৰস্তাৱ আনিব পাৰি। এই প্ৰস্তাৱ আনিবলৈ লোকসভাত ১০০ জন সাংসদৰ আৰু ৰাজ্যসভাত ৫০ জন সাংসদৰ স্বাক্ষৰ প্ৰয়োজন। অভিযোগনামা দাখিলৰ প্ৰস্তাৱ সংসদৰ দুয়োটা সদনত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰিব লাগিব।

প্ৰসংগক্ৰমে চলিত বৰ্ষৰ ১৫ মাৰ্চত তেতিয়াৰ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহৰ গুদামত অগ্নিকাণ্ড সংঘটিত হয়। সেই সময়ত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ সময়তে বহু সংখ্যক টকাৰ বাণ্ডিল উদ্ধাৰ কৰে। ইয়াৰ ফলত বিতৰ্কৰ সৃষ্টি হয়। তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰে এখন কমিটী।

তদন্ত কমিটীৰ প্ৰতিবেদন পৰীক্ষা কৰাৰ পাছত উচ্চতম ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ন্যায়াধীশ বাৰ্মাক অভিযোগনামা দাখিলৰ পৰামৰ্শ আগবঢ়ায়। তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছিল। ইফালে ন্যায়াধীশ বাৰ্মাই আৰম্ভণিৰে পৰাই তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে।