শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বচ্চন পৰিয়ালৰ হেঁচা! পিতৃৰ অনুপস্থিতিত জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো ল’বলৈ বাধ্য হৈছিল ঐশ্বৰ্য…

দেউতাকলৈ অপেক্ষা নকৰাকৈয়ে ঐশ্বৰ্যৰ এংগেজমেণ্ট সম্পূৰ্ণ হ’ল। গোটেই ঘটনাটোত তেওঁ নিজেই আচৰিত হৈ পৰিল! এয়াই সকলো নেকি?

বচ্চন পৰিয়ালৰ হেঁচা! পিতৃৰ অনুপস্থিতিত জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো ল’বলৈ বাধ্য হৈছিল ঐশ্বৰ্য…
ঐশ্বৰ্য ৰায় বচ্চন
trishna-kalita
Trishna Kalita | Published: 21 Jul 2025 14:06 PM

অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ বৈবাহিক সম্পৰ্কক লৈ প্ৰায়ে চৰ্চা চলি থাকে। কিছুদিন আগতে শুনা গৈছিল যে তেওঁলোকৰ মাজৰ সম্পৰ্ক স্বাভাৱিক নহয়। এই সকলোবোৰ সন্দৰ্ভত চৰ্চা যেতিয়া তুংগত উঠিছিল, তেতিয়া ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। এই ভিডিঅ’টো ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে হোৱা এক সাক্ষাৎকাৰৰ অংশ।

য’ত তেওঁ স্পষ্টকৈ শ্বেয়াৰ কৰিছিল যে কেনেকৈ সমগ্ৰ বচ্চন পৰিয়ালে আগতীয়াকৈ নজনাকৈ ঘৰত গৈ ওলাইছিল। কেনেকৈ তেওঁৰ পিতৃৰ অনুপস্থিতিত জীৱনৰ এটা ডাঙৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল। সেই ভিডিঅ’টো চাই নিমিষতে নষ্টালজিক হৈ পৰিব পাৰে। একে সময়তে পুৰণি কথা মনত পেলাই চকুলোও ওলাব পাৰে। বিবাহ সকলোৰে জীৱনৰ এটা গুৰুত্বপূৰ্ণ সিন্ধান্ত। কিদৰে হৈছিল বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায় বচ্চনৰ বিবাহ। বহুতে হয়তো ইয়াৰ আঁৰৰ বিশেষ কাহিনীটো নাজানে।

এক সাক্ষাৎকাৰত বিশ্বসুন্দৰীয়ে কয়, “মই দক্ষিণ ভাৰতীয়, ৰোকা কি নাজানিছিলো। হঠাতে অভিষেকৰ ঘৰৰ পৰা ফোন আহিল। সেই সময়ত দেউতা চহৰৰ বাহিৰত আছিল। দেউতা আহিবলৈ এদিন সময় লাগিব। ইফালে পা (অমিতাভ বচ্চন) আৰু বাকীকেইজন ঘৰলৈ আহি আছিল। অভিষেকক ফোন কৰাৰ সময়ত তেওঁ ক’লে, মই একো নাজানো। মই আচৰিত হৈ পৰিলোঁ।”

দেউতাকলৈ অপেক্ষা নকৰাকৈয়ে ঐশ্বৰ্যৰ এংগেজমেণ্ট সম্পূৰ্ণ হ’ল। গোটেই ঘটনাটোত তেওঁ নিজেই আচৰিত হৈ পৰিল! এয়াই সকলো নেকি? এংগেজমেণ্টৰ পিছত বচ্চন পৰিয়ালে ঐশ্বৰ্যক নিজৰ ঘৰলৈ লৈ যাব বিচাৰিছিল। কিন্তু তেওঁ মান্তি হোৱা নাছিল। দেউতাকৰ অনুপস্থিতিত ইমান ডাঙৰ সিদ্ধান্ত ল’বলৈ মন নাছিল ঐশ্বৰ্যৰ।

লগতে পঢ়ক: চুমা খাবলৈ গৈ নায়িকাৰ মুখৰ দুৰ্গন্ধৰ বাবে অস্বস্তিত পৰিছিল ববী দেউল, প্ৰতিশোধ ল’লে…