22 July 2025
TV9 ASSAM
Photos Credit: Getty Images
চুলি সৰা সমস্যা বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকৰ ক্ষেত্ৰতে দেখা যায়। প্ৰায় সংখ্যক লোকে এই সমস্যাৰ পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰে।
কিছুমান ঘৰুৱা উপায়েৰে আপুনি চুলি সৰা সমস্যাৰ আঁতৰ কৰাৰ লগতে চুলি বৃদ্ধিৰ যত্ন ল’ব পাৰে। এই প্ৰতিবেদনৰ জৰিয়তে উপায় জানক।
নাৰিকল তেল ইয়াৰ মইশ্ব’ৰাইজিং আৰু এন্টিমাইক্ৰ’বিয়াল গুণৰ বাবে জনাজাত আৰু কেষ্টৰ তেল ৰিচিন’লেইক এচিডেৰে ভৰপূৰ, যিয়ে ৰক্ত সঞ্চালন বৃদ্ধি কৰাৰ লগতে চুলিৰ বৃদ্ধিত সহায় কৰিব পাৰে।
নাৰিকল আৰু কেষ্টৰ অইল সমানে মিহলাই লওক। অলপ গৰম কৰি মূৰৰ ছালত মালিচ কৰক। ৩০ মিনিটৰ বাবে ৰাখিব। সপ্তাহত কমেও ২–৩ বাৰ এনে কৰক।
পিঁয়াজৰ ৰসত চালফাৰ বেছি থাকে, যিয়ে কলাজেন উৎপাদন বৃদ্ধি কৰে আৰু চুলি বৃদ্ধিত সহায় কৰিব পাৰে আৰু চুলি যথেষ্ট গজে।
এটা বা দুটা পিঁয়াজৰ ৰস পোনে পোনে মূৰৰ ছালত লগাওক। ৩০–৪৫ মিনিট ৰাখিব, তাৰ পিছত ভালদৰে ধুব। সপ্তাহত ২–৩ বাৰ এই কাম কৰক।
গ্ৰীণ টিত এন্টিঅক্সিডেন্ট থাকে যিয়ে ডি এইচ টি ব্লক কৰাত সহায় কৰিব পাৰে আৰু চুলিৰ বৃদ্ধি কৰিব পাৰে। ই আপোনাৰ মূৰৰ ছালৰ বাবেও উপকাৰী।
১ কাপ পানীত ২ টা গ্ৰীণ টি বেগ মিশ্ৰণ কৰক। ঠাণ্ডা হ’বলৈ দিয়ক আৰু চেম্পু কৰাৰ পিছত ব্যৱহাৰ কৰক। ১০–১৫ মিনিটৰ পিছত ধুই পেলাব পাৰে। সপ্তাহত ২–৩ বাৰ এই কাম কৰক।
পঢ়িবলৈ ক্লিক কৰক