শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কেৱল ৰেখা নহয়, এই ২ অভিনেত্ৰীৰ সৈতে আছিল অমিতাভ বচ্চনৰ সম্পৰ্ক!

বলীউডৰ দুটি চৰ্চিত নাম ৰেখা আৰু অমিতাভ বচ্চন। জয়াৰ লগত বিয়া হোৱাৰ পাছতো অমিতাভৰ নাম সদায় ৰেখাৰ সৈতেহে যেন সংযোগ হয়। পিছে কেৱল ৰেখাই নহয়, অমিতাভৰ আছিল আন বহু অভিনেত্ৰীৰ সৈতে সম্পৰ্ক।

কেৱল ৰেখা নহয়, এই ২ অভিনেত্ৰীৰ সৈতে আছিল অমিতাভ বচ্চনৰ সম্পৰ্ক!
অমিতাভ বচ্চন-ৰেখাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 21 Jul 2025 12:51 PM

বলীউডৰ ছুপাৰষ্টাৰ হিচাপে পৰিচিত অমিতাভ বচ্চন। তেওঁ হিন্দী চিনেমাৰ অন্য ভাষৰো বহু ছবিত কাম কৰিছে। আজিৰ সময়তো জনপ্ৰিয়তা কম হোৱা নাই অমিতাভৰ। তেওঁ নিজৰ কেৰিয়াৰত বহু ছুপাৰহিট ছবি দিছে। অৱশ্যে চলচ্চিত্ৰ জগতৰ যাত্ৰা তেওঁৰ বাবে সহজ নাছিল। বহু কষ্টৰ অন্তত অমিতাভে আজিৰ এই প্ৰাপ্তি লাভ কৰিছে। কেৰিয়াৰৰ লগতে অমিতাভৰ প্ৰেম জীৱনকলৈও বহু চৰ্চা চলি আছে। অমিতাভৰ প্ৰেম বুলি ক’লে ৰেখাক বুজা যায়। কিন্তু এনে বহু অভিনেত্ৰী আছে যাৰ সৈতে অমিতাভৰ নাম সাঙোৰ খাইছিল।

১৯৭৩ চনত অভিনেত্ৰী জয়া ভাদুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয় অমিতাভ বচ্চনে। কিন্তু বিয়াৰ ইমান বছৰ পাছতে অমিতাভৰ প্ৰেম বুলি ৰেখাকহে দনা যায়। এটা সময়ত ৰেখা-অমিতাভৰ প্ৰেমে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল। অমিতাভে এই সন্দৰ্ভত এতিয়ালৈকে স্পষ্ট একো মন্তব্য কৰা নাই  যদিও ৰেখাই প্ৰায়ে তেওঁৰ কথা উল্লেখ কৰে। প্ৰত্যক্ষ বা পৰোক্ষভাৱে, ৰেখাই আজিও অমিতাভ বচ্চনৰ প্ৰতি থকা প্ৰেমৰ কথা উল্লেথ কৰে। কিন্তু আন অভিনেত্ৰীসকলৰ সৈতেও বাতৰিৰ শিৰোনাম দখল কৰিছে অমিতাভ বচ্চনে।

অমিতাভ-পাৰবিন

বলীউডৰ অভিনেত্ৰী পাৰবীন বাবীয়ে নিজৰ এসমৰ জনপ্ৰিয় অভিনেত্ৰী আছিল। টাইমৰ কভাৰত স্থান লাভ কৰা প্ৰথমগৰাকী বলীউডৰ অভিনেত্ৰী আছিল পাৰবীন। ছবিৰ লগতে অভিনেত্ৰীগৰাকীৰ নাম অভিনেতা ডেনি ডেনজংপা, কবীৰ বেদী আনকি মহেশ ভাটৰ সৈতেও জড়িত হৈ আছিল। ইমানেই নহয়, অমিতাভ আৰু পাৰবিনৰ সম্পৰ্কক লৈ এটা সময়ত চৰ্চা চলিছিল। দুয়োকে একেলগে বহু ছবিত দেখা গৈছিল। অৱশ্যে কেতিয়াও আনুষ্ঠানিকভাৱে এই কথা দুয়ো প্ৰকাশ নকৰিলে। দুয়ো একেলগে কৰা ছবিৰ ভিতৰত আছে- অমৰ আকবৰ এন্থনী, নামক হালাল, দীৱাৰ আদি।

Amitabh Bachchan Secret Affair 1

অমিতাভ-পাৰবিন

 

অমিতাভ-জিমাত আমন

জিনাম আমনৰ সৈতেও অমিতাভ বচ্চনৰ সম্পৰ্ক থকা বুলি এসময়ত খুব চৰ্চা হৈছিল। জিনাতৰ প্ৰেমৰ বিষয়েও বহু চৰ্চা আছে। তেওঁৰ নাম মাজহাৰ খান আৰু সঞ্জয় খানৰ সৈতে জড়িত আছিল। অৱশ্যে এটা সময়ত জিনাত আৰু অমিতাভ বচ্চনৰ মাজত প্ৰেমৰ সম্পৰ্কৰ খবৰও আহিছিল। দুয়ো একেলগে বহু ছবি কৰিছে যেনে ‘লাৱৰীছ’, ‘ডন’ আদি।

অমিতাভ ৰেখা

ৰেখা আৰু অমিতাভ প্ৰথমবাৰৰ বাবে ‘দো অজনাবী’ ছবিৰ চেটত লগ পাইছিল। অৱশ্যে সময়ৰ লগে লগে তেওঁলোকৰ প্ৰেম বাঢ়ি যায়। দুয়োকে লৈ বহুতো কাহিনী পোহৰলৈ আহিছিল। ৰেখাই আজিও সেন্দূৰ লয়, যিয়ে আচৰতি কৰি তোলে বহুতক। সময় পাৰ হৈ গৈছে, কিন্তু আজিও ৰেখা আৰু অমিতাভৰ সম্পৰ্ক চৰ্চিত হৈ আছে।

 

অন্য খবৰ পঢ়কঃ শ্বুটিঙৰ মাজতে আঘাতপ্ৰাপ্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে আমেৰিকালৈ ৰাওনা…