চুমা খাবলৈ গৈ নায়িকাৰ মুখৰ দুৰ্গন্ধৰ বাবে অস্বস্তিত পৰিছিল ববী দেউল, প্ৰতিশোধ ল’লে…
সেই অভিনেত্ৰীগৰাকীৰ মুখৰ পৰা ওলোৱা দুৰ্গন্ধৰ বাবে ববিৰ অৱস্থা গুৰুতৰ হৈ পৰিছিল। সেই অভিনেত্ৰীগৰাকীক সকলোৱে চিনি পায়। তেওঁ হ'ল ৯০’ৰ ডিম্পল গাৰ্ল মনীষা ক’ইৰালা।

সহ অভিনেতাৰ সৈতে এক অন্তৰংগ দৃশ্যৰ শ্বুটিং কৰি থাকোঁতে মুখৰ পৰা ওলোৱা দুৰ্গন্ধৰ বাবে ইমৰাণ হাছমীয়ে বমি কৰি দিছিল। ববী দেউলৰ ক্ষেত্ৰতো সংঘটিত হৈছিল একেধৰণৰ ঘটনা। ৯০ দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে শ্বুটিং কৰাৰ সময়ত তেওঁ এনে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল যিটো বৰ্ণনা কৰিব নোৱাৰা।
সেই অভিনেত্ৰীগৰাকীৰ মুখৰ পৰা ওলোৱা দুৰ্গন্ধৰ বাবে ববিৰ অৱস্থা গুৰুতৰ হৈ পৰিছিল। সেই অভিনেত্ৰীগৰাকীক সকলোৱে চিনি পায়। তেওঁ হ’ল ৯০’ৰ ডিম্পল গাৰ্ল মনীষা ক’ইৰালা। ১৯৯৭ চনৰ ঘটনা এয়া। মনিষা আৰু ববীয়ে একেলগে কাম কৰিছিল ‘গুপ্ত’ ছবিত।
ববিৰ ভাষাত, “মনিষা আৰু মোৰ মাজত বহুত ভাল কথা-বতৰা হৈছিল। বন্ধু নাছিল যদিও আমাৰ সম্পৰ্ক বেয়া নাছিল। গুপ্ত চিনেমাৰ বেচানিয়া গানটোৰ শ্বুটিং চলি আছিল। মনীষাই তেওঁৰ মুখখন মোৰ ওচৰলৈ লৈ আহিছিল। মই গৈছিলো। হঠাতে অ’ মাই গড। কি বেয়া গোন্ধ! তাৰ ঠিক আগতে তেওঁ কেঁচা পিয়াঁজ আৰু চানা চাত খাইছিল। মই এতিয়াও ভাবো কেনেকৈ মই সেই দৃশ্যটোত অভিনয় কৰিছিলো।” কাৰণ সেই গোন্ধটোৰ বাবে ৰোমাঞ্চৰ চিন্তা মনলৈ নাহিল।”
মনীষাৰ মুখৰ গোন্ধটো ববীয়ে পাহৰি যোৱা নাছিল। তেওঁ প্ৰতিশোধ ল’বলৈ উৎসুক হৈ পৰিল। তাৰ পিছত মনীষাৰ সৈতে চেটত নতুন অভিনেতাৰ এটা দৃশ্য। ববীৰ প্ৰৰোচনাত পৰি তেওঁ পিঁয়াজ খাই মনীষাৰ লগত শ্বুটিং কৰিবলৈ গ’ল। ববীয়ে ভাবিলে যে সেই অভিনেতাজনৰ মুখৰ পৰা পিঁয়াজৰ গোন্ধ পাই ধুনীয়া নায়িকাগৰাকীয়ে খং কৰি চিঞৰিব। আৰু ববীয়েও প্ৰতিশোধ লৈ সুখী হ’ব! কিন্তু সেয়া আছিল হুবহু বিপৰীত। ববিয়ে কয় যে সেই পিঁয়াজৰ গোন্ধে অভিনেত্ৰীগৰাকীক একেবাৰেই প্ৰভাৱিত কৰা নাছিল। কোনো অভিযোগ নোহোৱাকৈ তেওঁ নতুনকৈ অহাজনৰ লগত শ্বুটিং শেষ কৰিলে।