গৰ্ভৱতী কেটৰিনাৰ ফটো ভাইৰেল! ডাঙৰ পদক্ষেপ ল’বলৈ ওলাইছে বিকি কৌশলে ?
দীপাৱলীৰ শুভেচ্ছা পোষ্টত এবাৰো দেখা পোৱা নগ'ল কেটৰিনাৰ ফটো। অৱশ্যে গৰ্ভৱতী কেটৰিনাৰ এটা ভিডিঅ’ হঠাতে ভাইৰেল হৈ পৰে। যিটো গোপনে লৈছিল পাপাৰাজীয়ে। কিন্তু এনে এক কাৰ্যক লৈ ক্ষুব্ধ হৈ পৰিছে বিকি কৌশল আৰু তেওঁৰ পৰিয়াল।
অন্তঃসত্বা কেটৰিনা কাইফ। ইতিমধ্যে বলীউডত এই কথাৰ ব্যাপক চৰ্চা চলিছে। দৰাচলতে কেটৰিনা কাইফ গৰ্ভৱতী হোৱাৰ পিছৰে পৰা কেমেৰাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আছে ৷ দীপাৱলীৰ শুভেচ্ছা পোষ্টত অনুৰাগীয়ে এবাৰো দেখা নাপালে কেটৰিনাৰ মুখখন। কিন্তু ইয়াৰ মাজতে হঠাৎ ভাইৰেল হৈ পৰিছে গৰ্ভৱতী কেটৰিনাৰ এটা ভিডিঅ’। যিটো গোপনে লৈছিল পাপাৰাজীয়ে। কিন্তু পাপাৰাজীৰ এনে এক কাৰ্যক লৈ ক্ষুব্ধ হৈ পৰিছে বিকি কৌশল আৰু তেওঁৰ পৰিয়াল।
চেলিব্ৰিটি য’তেই যায় তাতেই থাকে পাপাৰাজী। বিভিন্ন সময়ত ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰিছে চেলিব্ৰিটিসকলে। যোৱা বছৰ আলিয়া ভাটে ইয়াৰ বিৰুদ্ধে মুকলিকৈ কৈছিল। ৰাহাৰ সৈতে তেওঁৰ ছবি আৰু ভিডিঅ’ বা নতুন ঘৰৰ ভিডিঅ’ অনুমতি অবিহনে লোৱাত সচাকৈয়ে খং উঠিছিল। আনকি আৰক্ষীৰ কাষ চাপিছিল আলিয়া। এতিয়া কেটৰিনা আৰু বিকিয়ে হয়তো একেটা পথতে আগবাঢ়িছে।
ভাইৰেল হোৱা কেটৰিনাৰ ছবিখনত দেখা গৈছে যে তেওঁ গোলাপী ৰঙৰ পোছাক পিন্ধি নিজৰ ঘৰৰ বেলকনিত থিয় হৈ আছে। হাতত কফি একাপ লৈ আছে অভিনেত্ৰীগৰাকীয়ে। পাপাৰাজীয়ে কেটৰিনাৰ ঘৰৰ বিপৰীতে জুম লেন্সৰ সহায়ত ছবিখন তুলি লৈছিল। যিখন ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। এই ঘটনাত কেটৰিনাৰ পক্ষত আছে নেটিজেনসকল। বহুতে অসন্তুষ্টি প্ৰকাশ কৰিছে যে কিয় তেওঁৰ ব্যক্তিগত মুহূৰ্তবোৰ এনেদৰে ফাদিল কৰিলে। ইয়াৰ বিৰুদ্ধে বিকি আৰু কেটৰিনা আৰক্ষীৰ ওচৰলৈ যাব বুলি শুনা গৈছে।