জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, দলে-বলে “ৰৈ ৰৈ বিনালে” চাবলৈ ছবি গৃহলৈ আহিল অগপৰ নেতৃত্ব
আজি যেন ৰাজনীতিৰ দিন নহয়। এক বিৰল মুহূৰ্তত ৩১ অক্টোবৰত গুৱাহাটীৰ নৰেংগী গোল্ড চিনেমা হলত অসম গণ পৰিষদৰ মন্ত্ৰী, বিধায়ক, দলীয় কৰ্মীসকলে একেলগে উপভোগ কৰিলে জুবিনৰ সপোনাৰ ছবি "ৰৈ ৰৈ বিনালে"।
 
                                                    “ৰৈ ৰৈ বিনালে”-এক আৱেগৰ নাম! “ৰৈ ৰৈ বিনালে”-জুবিন গাৰ্গ জীয়াই থকাৰ এক বিশ্বাসৰ নাম!”ৰৈ ৰৈ বিনালে”-আমাৰ হৃদয়ত আজীৱন গুঞ্জৰিত হৈ থাকিব পৰা এখন চিনেমাৰ নাম! অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’ চাই সামাজিক মাধ্যমত এইদৰে লিখিলে অসম গণ পৰিষদৰ সভাপতি, মন্ত্ৰী অতুল বৰাই। আজি যেন ৰাজনীতিৰ দিন নহয়। এক বিৰল মুহূৰ্তত ৩১ অক্টোবৰত গুৱাহাটীৰ নৰেংগী গোল্ড চিনেমা হলত অসম গণ পৰিষদৰ মন্ত্ৰী, বিধায়ক, দলীয় কৰ্মীসকলে একেলগে উপভোগ কৰিলে জুবিনৰ সপোনাৰ ছবি “ৰৈ ৰৈ বিনালে”।
খবৰ অনুসৰি, শুকুৰবাৰে পুৱা ১১ বজাৰ ৰৈ ৰৈ বিনালে দৰ্শনীৰ বাবে ২১৮খন আসন বুকিং কৰিছিল অগপই। পুৱা ৮ বজাৰ পৰাই অনুৰাগীসকল ৰৈ ৰৈ বিনালে চাবলৈ উপস্থিত হোৱা দেখা গৈছিল। অগপৰ মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতা আৰু দলৰ সদস্যই দৰ্শকৰ মাজত বহি “ৰৈ ৰৈ বিমানে” উপভোগ কৰা দেখা গৈছিল।
চিনেমাখন উপভোগ কৰি দলটোৰ সভাপতি অতুল বৰাই সামাজিক মাধ্যমত লিখিছে,”সঁচা অৰ্থত এয়া কেৱল এখন চিনেমাই নহয়, এয়া ‘জুবিন’ নামেৰে আমি জী থকা আৱেগ-হেঁপাহখিনি প্ৰতিফলিত হোৱা এক বাস্তৱ প্ৰতিচ্ছবি। প্ৰিয় শিল্পীগৰাকীক আজি গুৱাহাটীত অসম গণ পৰিষদৰ সতীৰ্থসকলৰ সৈতে এক আৱেগিক মুহূৰ্তত ৰূপালী পৰ্দাত চোৱাৰ সময়খিনিত এক বুজাব নোৱৰা অনুভৱ হ’ল। এখন চিনেমাই ‘জুবিন গাৰ্গ’ৰ জীৱনৰ প্ৰতিচ্ছবি গভীৰভাৱে আমাৰ সন্মুখত উপস্থাপন কৰিলে। আমি আজি সকলো আৱেগিক হৈছোঁ। ভাবিব নোৱৰা দুখ এটাই আৱৰি আছে। এয়া ‘জুবিন’ৰ অন্তিমখন চিনেমা নহয়। এয়া জুবিনে সৃষ্টি কৰি যোৱা নতুনৰ আহ্বান…এই বাটেৰেই আৰম্ভ হ’ব অসমৰ চলচ্চিত্ৰৰ এক নতুন যাত্ৰা।”
ইফালে, অগপৰ ফেচবুক পেজত এইদৰে লিখিছে, “ৰৈ ৰৈ বিনালে-কোনোকালে পাহৰিব নোৱাৰা জুবিন নামৰ বিশাল সাংগীতিক সত্তাটিক অসমীয়াই হৃদয়ত সাঁচি ৰাখিবলৈ দি যোৱা অন্য এক সোণোৱালী অধ্যায়…অসমবাসী ৰাইজৰ লগতে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলেও দলে-বলে জুবিন গাৰ্গৰ সপোনৰ চিনেমা “ৰৈ ৰৈ বিনালে” চাবলৈ ওলাই আহিল।
ইফালে, চিনেমাখন চোৱাৰ পূৰ্বেই জুবিনক শ্ৰদ্ধাঞ্জলি জনাই দলটোৰ নেতৃত্ব-কৰ্মীয়ে। লগতে সকলো অসমবাসীকে জুবিন শেষৰ ছবি “ৰৈ ৰৈ বিনালে” চাবলৈ আহ্বান জনাইছে অগপই।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      