শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জাতি-ধর্ম নির্বিশেষে মহিলাসকলৰ সর্বাংগীণ কল্যাণেই এই চৰকাৰৰ লক্ষ্য: মুখ্যমন্ত্রী

মুখ্যমন্ত্রীয়ে কয় যে, অসমৰ মহিলাসকলৰ শক্তি আৰু সামৰ্থ্যৰ ওপৰত ৰাজ্য চৰকাৰৰ সম্পূর্ণ আস্থা আৰু বিশ্বাস আছে। তেওঁ কয় যে, সঠিক সমর্থন আৰু দিক্ নির্দেশনা পালে অসমৰ মহিলা সমাজে ৰাজ্যখনৰ গ্রাম্য অর্থনীতি শক্তিশালী কৰাত নিশ্চিতভাৱে বৰঙনি আগবঢ়াব পাৰিব।

জাতি-ধর্ম নির্বিশেষে মহিলাসকলৰ সর্বাংগীণ কল্যাণেই এই চৰকাৰৰ লক্ষ্য: মুখ্যমন্ত্রী
মৰিগাঁৱত মহিলা উদ্যমিতা অভিযানৰ শুভাৰম্ভ
trishna-kalita
Trishna Kalita | Updated On: 01 Nov 2025 18:44 PM

আজি মৰিগাঁও জিলাৰ মিকিৰভেটাত এখন ৫০ খন বিছনাযুক্ত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মৰিগাঁও বিধানসভা সমষ্টিৰ সৰ্বমুঠ ৩৬,৩৬৭ গৰাকী হিতাধিকাৰীলৈ ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই হিতাধিকাৰীসকলৰ ৩২,৯৫১ গৰাকী গ্রামাঞ্চলৰ আৰু ৩,৪১৬ গৰাকী নগৰাঞ্চলৰ। মুখ্যমন্ত্ৰীয়ে লগতে মৰিগাঁৱত প্রায় ১৫ কোটি টকা প্রকল্প ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এটা নতুন আৱৰ্ত ভৱনৰ শিলান্যাস কৰে।

উল্লেখযোগ্য যে মিকিৰভেটাত স্থাপন কৰিবলৈ লোৱা ৫০খন বিছনাযুক্ত আয়ুষ চিকিৎসালয়খন ১৫ কোটি টকাৰ অনুমোদিত প্রকল্প ব্যয়েৰে ১৫ বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব । চিকিৎসালয়খনৰ চাৰি মহলীয়া ভৱনটোত অন্যান্য সা-সুবিধাৰ লগতে সাধাৰণ ৱাৰ্ডত মুঠ ৪০ খন বিছনা আৰু ব্যক্তিগত কক্ষ হিচাপে ১০ খন বিছনা থাকিব। ১৫ কোটি টকাৰ অনুমোদিত প্রকল্প ব্যয়েৰে ১৫ বিঘা ভূমিত এই চিকিৎসালয়খন নিৰ্মাণ কৰা হ’ব। এই চিকিৎসালয়খন পৰম্পৰাগত, সামগ্রিক আৰু বিকল্প স্বাস্থ্যসেৱাৰ বাবে আধুনিক আৰু সম্পূর্ণ সুসজ্জিত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে নিৰ্মাণ কৰা হ’ব।

মিকিৰভেটা আঞ্চলিক খেলপথাৰত আয়োজিত বিশাল জনসভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে আজিৰ পৰা প্ৰায় দুবছৰ পূৰ্বে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী যোৰহাটলৈ আহিছিল আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সেই সভালৈ অসমৰ লাখপতি বাইদেউসকলক লৈ যোৱা হৈছিল। সেই সভাতে দেশৰ ৩ কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়িব খোজাৰ কথা প্রধানমন্ত্রীয়ে ব্যক্ত কৰিছিল। সেই আদর্শ অনুসৰণ কৰি অসমৰ আত্মসহায়ক গোটসমূহৰ লগত জড়িত ৩০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়াৰ বাবে চৰকাৰে লক্ষ্য স্থিৰ কৰিছিল আৰু সেই সংকল্পৰেই চৰকাৰে এই আঁচনি আৰম্ভ কৰিছে বুলি তেওঁ অৱগত কৰে।

মুখ্যমন্ত্রীয়ে কয় যে, অসমৰ মহিলাসকলৰ শক্তি আৰু সামৰ্থ্যৰ ওপৰত ৰাজ্য চৰকাৰৰ সম্পূর্ণ আস্থা আৰু বিশ্বাস আছে। তেওঁ কয় যে, সঠিক সমর্থন আৰু দিক্ নির্দেশনা পালে অসমৰ মহিলা সমাজে ৰাজ্যখনৰ গ্রাম্য অর্থনীতি শক্তিশালী কৰাত নিশ্চিতভাৱে বৰঙনি আগবঢ়াব পাৰিব। লগতে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ ফলত ৰাজ্যত বাল্য বিবাহ প্রায় বন্ধ হোৱাৰ পথত বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা বিনামূলীয়া নামভর্তি, নিযুত মইনা, চাইকেল-স্কুটি বিতৰণ, অৰুণোদয় আদি আঁচনিৰ সুফল আজি ৰাজ্যবাসীয়ে প্ৰত্যক্ষ কৰিছে। তেওঁ কয় যে অৰুণোদয় আঁচনিৰ পুঁজি ক্রমাগতভাৱে বৃদ্ধি কৰি অনা হৈছে আৰু অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা অৰুণোদয় হিতাধিকাৰীয়ে ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয়ৰ বাবেও ২৫০ টকাকৈ ৰাজসাহায্য লাভ কৰিব।

মৰিগাঁও সমষ্টিৰ এতিয়াও অৰুণোদয়ৰ সুবিধা লাভ নকৰা যোগ্য পৰিয়ালসমূহক সামৰি লোৱাৰ বাবে অতিৰিক্ত ৪০০০ টা পৰিয়াললৈ অৰুণোদয়ৰ সুবিধা অনুমোদন জনোৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্রীয়ে। মুখ্যমন্ত্রীয়ে কয় যে, মহিলাসকল স্বনিৰ্ভৰশীল হ’লে, আর্থিকভাবে শক্তিশালী হ’লে তেওঁলোকক কোনেও অপমান কৰিব নোৱাৰিব, সকলোৱে সমীহ কৰিব। সেয়েহে জাতি-ধর্ম নির্বিশেষে মহিলাসকলৰ সর্বাংগীণ কল্যাণেই এই চৰকাৰৰ লক্ষ্য বুলি তেওঁ অৱগত কৰে। তেওঁ কয় যে যিখন সমাজত মহিলাসকল আগবাঢ়ি যায়, সেই সমাজৰ ল’ৰা-ছোৱালী শিক্ষিত হয়, ধর্ম ৰক্ষা হয় আৰু সেইখন সমাজত সামাজিক সমতাৰ সৃষ্টি হয়।

লগতে পঢ়ক: বিজেপিৰ সদস্যসকল প্ৰকৃত জুবিন অনুৰাগী, মিঞা মুছলমানৰ লগত মোৰ যুদ্ধ চলিব থাকিব: মুখ্যমন্ত্ৰী