TV9 ASSAM
ভাৰতীয় ক্ৰিকেট তাৰকা ৰোহিত শৰ্মাই ইতিমধ্যে টেষ্ট আৰু টি-২০ৰ পৰা অৱসৰ লৈছে। এতিয়া কেৱল এদিনীয়াতহে দেখা যায় ৰোহিতক।
ৰোহিতৰ নামত আছে ক্ৰিকেট বিশ্বৰ বহু অভিলেখ। ইয়াৰে এটা অভিলেখ এতিয়া ভংগ হৈছে। ৰোহিতৰ এই অভিলেখ আছিল টি-২০ ফৰ্মেটত।
টি-২০ ফৰ্মেটত ৰোহিত শৰ্মাৰ নামত আছিল সৰ্বাধিক ৰানৰ অভিলেখ। টি-২০ৰ পৰা ৰোহিতৰ অৱসৰৰ প্ৰায় ডেৰ বছৰৰ পিছত এই অভিলেখ ভংগ হৈছে।
ৰোহিত শৰ্মাৰ নামত থকা এই অভিলেখ ভংগ কৰিছে পাকিস্তানৰ বাবৰ আজমে। দক্ষিণ আফ্ৰিকাৰ বিপক্ষে মেচত কালি বাবৰে এই অভিলেখ গঢ়ে।
নিজ টি-২০ কেৰিয়াৰত ৰোহিতে ১৫১ টা ইনিংছত মুঠ ৪,২৩১ ৰান সংগ্ৰহ কৰিছিল। আনহাতে এইপৰ্যন্ত ১২৩টা ইনিংছত বাবৰৰ সংগ্ৰহ ৪,২৩৪ ৰান।
ইতিমধ্যেই টি-২০ৰ পৰা অৱসৰ লোৱা বিৰাট কোহলী ৪,১৮৮ ৰান সংগ্ৰহেৰে এই তালিকাত তৃতীয় স্থানত আছে। ৩,৮৬৯ ৰানেৰে বাটলাৰ আছে চতুৰ্থ স্থানত।
পঢ়িবলৈ ক্লিক কৰক
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কেৱল এজন ভাৰতীয়ৰ শতক!