শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিজেপিৰ সদস্যসকল প্ৰকৃত জুবিন অনুৰাগী, মিঞা মুছলমানৰ লগত মোৰ যুদ্ধ চলিব থাকিব: মুখ্যমন্ত্ৰী

উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,  "মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিঞা মুছলমানৰ লগত মোৰ যুদ্ধ চলিব থাকিব। উচ্ছেদ অভিযান চলিবই। আমি জুবিনকো ন্যায় দিম ,অবৈধ অনুপ্ৰৱেশকাৰী মিঞা মুছলমানকো কষ্ট দিয়ে থাকিম।"

বিজেপিৰ সদস্যসকল প্ৰকৃত জুবিন অনুৰাগী, মিঞা মুছলমানৰ লগত মোৰ যুদ্ধ চলিব থাকিব: মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
trishna-kalita
Trishna Kalita | Updated On: 01 Nov 2025 18:17 PM

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, হিমন্ত বিশ্ব শৰ্মাই কয় যি কাম হাতত লয়, শেষ নোহোৱালৈ নেৰো। মই দিনে-ৰাতি কষ্ট কৰিছো যাতে জুবিনে ন্যায় পাব পাৰে। SIT,  আৰক্ষী সকলোৱে কষ্ট কৰিছে।  তেওঁ কয়, “মই ভাবো ১০ ডিচেম্বৰৰ ভিতৰত SITৰ চাৰ্জশ্বীট দাখিল হ’ব। তাৰ পিছত ৰাইজে জুবিনৰ লগত হৈ থকা বহু কষ্ট আৰু দুখৰ কথা জানিবলৈ পাব।’’

উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,  “মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিঞা মুছলমানৰ লগত মোৰ যুদ্ধ চলিব থাকিব। উচ্ছেদ অভিযান চলিবই। আমি জুবিনকো ন্যায় দিম ,অবৈধ অনুপ্ৰৱেশকাৰী মিঞা মুছলমানকো কষ্ট দিয়ে থাকিম। যিসকলে জুবিন গাৰ্গৰ গান এটা গাব নাজানে। তেওঁৰ এখনো ফাংচন চাই পোৱা নাই। তেনেবোৰ লোকক কংগ্ৰেছ আৰু অখিলে জুবিনৰ সমাধিক্ষেত্ৰলৈ লৈ আহে। চাউল নালাগে, মিঠাতেল নালাগে বুলি মিঞাসকলে চিঞৰিবলৈ ধৰে। ইলেকচন শেষ হোৱাৰ পিছতে জুবিনৰ ভুৱা অনুৰাগীবোৰ নাইকিয়া হ’ব।”

লগতে মুখ্যমন্ত্ৰীয়ে কয়,  ‘বিজেপিৰ সদস্যসকলহে প্ৰকৃত জুবিন অনুৰাগী। অসমীয়া মানুহসকলহে জুবিনৰ প্ৰকৃত অনুৰাগী। মিঞা মুছলমানসকল জুবিনৰ মিছা অনুৰাগী। জুবিনৰ নাম লৈ কোনো মিঞা সাৰি যাব নোৱাৰে। এছআইটি বহু ভাল পথত আগবাঢ়িছে। ১০ ডিচেম্বৰৰ ভিতৰত পোহৰলৈ আহিব জুবিনৰ সম্পূৰ্ণ ঘটনা।’
‘ৰৈ ৰৈ বিনালে’ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘ৰাইজক কষ্ট দি মই চিনেমা নাচাওঁ। মোৰ ইয়াৰ পৰা পলিটিকেল মাইলেজ ল’বলগীয়া নাই। যিসকলে ৰজা হ’ব লাগে বুলি ভাবে, তেওঁলোকে আগতেই গৈ চাইছে। সেই ছীটকেইটা সাধাৰণ ৰাইজে পালেহেঁতেন। যিসকলক ভোট লাগে, তেওঁলোকে কালিয়ে চিনেমাখন চাবলৈ গৈছে। তেওঁলোকে পালিপ্ৰহৰীয়া লৈ গৈ দখল কৰি লৈছে। ’’