Waves Summit 2025 LIVE: নিজক কেনেকৈ ফিট ৰাখে আল্লু অৰ্জুনে? ক’লে বিশেষ কথা…

Waves summit 2025: বৃহস্পতিবাৰে বিশ্ব দৃশ্য শ্ৰাব্য মনোৰঞ্জন সন্মিলন ২০২৫ শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্মিলনত অংশ লৈ টিভি ৯ নেটৱৰ্কৰ মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসে জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনৰ সৈতে বিশেষ আলোচনা কৰে।

Waves Summit 2025 LIVE: নিজক কেনেকৈ ফিট ৰাখে আল্লু অৰ্জুনে? কলে বিশেষ কথা...

বৰুণ দাস-আল্লু অৰ্জুন

Updated On: 

01 May 2025 18:28 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় ভাৰতীয় সংস্কৃতিক বিদেশত জনপ্ৰিয় কৰি তুলিবলৈ পদক্ষেপ গ্ৰহণ কৰি আহিছে। বিশ্ব দৃশ্য শ্ৰাব্য মনোৰঞ্জন সন্মিলন (World Audio Visual Entertainment Summit, waves summit) ইয়াৰে এক উদাহৰণ। বৃহস্পতিবাৰৰ পৰা মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত মোদীয়ে এই সন্মিলনৰ শুভাৰম্ভ কৰে। এই সন্মিলনত অংশ লৈ টিভি ৯ নেটৱৰ্কৰ মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসে জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনৰ সৈতে এক বিশেষ আলোচনা কৰে। এই সময়চোৱাত দুয়ো মনোৰঞ্জন উদ্যোগৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোচনা কৰে।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 01 May 2025 06:15 PM (IST)

    আল্লুৰ বাবে বঁটা কিমান জৰুৰী?

    বঁটা সম্পৰ্কীয় প্ৰশ্নত আল্লুই কয় যে, বঁটা লাভ কৰিলে মই ভালপাওঁ। এই বঁটাটো কৃতিত্ব। যিয়ে মোৰ সফলতাক গঢ় দিয়ে। ইয়াৰ পৰা মই অনুপ্ৰাণিত হওঁ। এটা বঁটাই আপোনাক নতুন কাম কৰিবলৈ সাহস আৰু শক্তি প্ৰদান কৰে।

  • 01 May 2025 06:09 PM (IST)

    অনুৰাগীক লৈ কি ভাবে পুষ্পাই

    অনুৰাগীক লৈ সোধা প্ৰশ্নত আল্লু অৰ্জুনে কয় যে, মোৰ অনুৰাগীয়ে মোৰ কথা যিমান ভাবে মই তেওঁলোকৰ কথা বেছি ভাবো। যিমান মৰম, ইচ্ছা-শক্তিৰে তেওঁলোকে ছবি চাবলৈ আহে ,মই সেই শক্তিৰে ফল দিব বিচাৰো। মই মোৰ অনুৰাগীক আল্লু অৰ্জুনৰ শ্ৰেষ্ঠখিনি দিব বিচাৰো।


  • 01 May 2025 06:00 PM (IST)

    আল্লু অৰ্জুনৰ সফলতাৰ আঁৰত কি আছে?

    আল্লু অৰ্জুনক বৰুণ দাসে প্ৰশ্ন কৰে যে, তেওঁৰ সফলতাৰ আঁৰত কি আছে? তেওঁৰ গুৰু কোন? উত্তৰত আল্লুই কয়, মই নিজৰ লগত বহু সময় কটাওঁ। মই নিজে নিজৰ ভুলবোৰ চিনাক্ত কৰিব চেষ্টা কৰো। বুজিবলৈ চেষ্টা কৰো আৰু পাছত সেই অনুসৰি আগবাঢ়ি যাওঁ। ইয়াৰ বাবে মই পেছাদাৰী সহায়ো লওঁ।

  • 01 May 2025 05:58 PM (IST)

    চিনেমাৰ শ্বুটিঙত দুৰ্ঘটনা

    আল্লুৱে কয়, ১০ নম্বৰ চিনেমাৰ শ্বুটিংৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। সেই সময়ত কান্ধত আঘাত পাইছিল তেওঁ। আল্লুই কয়, চিকিৎসকে ৬ মাহ জিৰণি ল’ব লাগিব বুলি কৈছিল আৰু তেতিয়া মই ভয় খাইছিলো। মই বুজি পাইছিলো যে শাৰীৰিকভাৱে সুস্থ হৈ থকাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। সেই সময়ত মই ভাবিছিলো মোৰ কেৰিয়াৰ হয়তো নষ্ট হ’ব। কিন্তু ভগৱানৰ আশীৰ্বাদ আৰু অনুৰাগীৰ মৰমে মোক সুস্থ কৰি তুলিলো। পাছত মই ৰাষ্ট্ৰীয় বঁটা লাভ কৰিলো।

  • 01 May 2025 05:49 PM (IST)

    অভিনেতাৰ লগতে আল্লু অৰ্জুন নৃত্যশিল্পী…

    অভিনেতাৰ উপৰি আল্লু অৰ্জুন এজন নৃত্যশিল্পী। এয়া কেনেকৈ সম্ভৱ?
    বৰুণ দাসৰ প্ৰশ্নৰ উত্তৰ আল্লুই কয় যে, অভিনয়ৰ দৰে নৃত্যও মোৰ তেজত আছে। নৃত্য মোৰ স্বাভাৱিক প্ৰতিভা। মই সদায় হৃদয়ৰ পৰা নৃত্য আৰু অভিনয় কৰো। আৰু মই বাৰে বাৰে নিজকে প্ৰত্যাহ্বান জনাই ভাল পাওঁ।

  • 01 May 2025 05:41 PM (IST)

    নিজক কেনেকৈ ফিট ৰাখে আল্লু অৰ্জুনে?

    ছিক্স পেক লুকৰ সৈতে দেখা যায় আল্লু অৰ্জুনক। অভিনেতাগৰাকীয়ে কেনেকৈ ইমান ফিট থাকে? বৰুণ দাসৰ এই প্ৰশ্নৰ উত্তৰত আল্লুৱে কয় যে, ইয়াৰ বাবে খুব কষ্ট কৰিব লগা হয়। মনোযোগৰো প্ৰয়োজন। অনুশীলন কৰি থাকিব লাগে। কিন্তু যেতিয়া পৰ্দাত ভাল দেখা যায় তেতিয়া সকলো কষ্ট মূল্যবান হৈ পৰে।

  • 01 May 2025 05:35 PM (IST)

    WAVES সন্মিলনৰ মঞ্চত পুষ্পা

    WAVES সন্মিলনত মঞ্চত পুষ্পা ৰাজ। টিভি ৯ নেটৱৰ্কৰ এমডি-চিইঅ’ বৰুণ দাসৰ সৈতে কথা পাতিব জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনে।

পুৱা খাওক গাখীৰত তিয়াই থোৱা কিচমিচ, স্বাস্থ্যৰ ওপৰত পৰিব এনে সুপ্ৰভাৱ…
কি কথাত বিতুষ্ট চেন্নাইৰ অনুৰাগী! নায়কৰ দৰে খেলিও খলনায়কৰ দৰে ব্যৱহাৰ পালে নেকি কুৰাণে?
জিভাত বগা তৰপ পৰিছে নেকি? তেন্তে এই সহজ উপায়ৰ দ্বাৰা কৰক আঁতৰ...
অনবৰতে মন বেয়া লাগি থাকে নেকি? জানক ডিপ্ৰেছনৰ লক্ষণসমূহ...