অপাৰেশ্যন সেন্দূৰৰ ওপৰত নিৰ্মাণ হ’ব ছবি! এইসকল চলচ্চিত্ৰ নিৰ্মাতাই আৰম্ভ কৰিছে প্ৰস্তুতি
পাকিস্তানত প্ৰৱেশ কৰি পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’লে ভাৰতীয় সেনাই। বহু সন্ত্ৰাসবাদীৰ গোপন ঘাটিত চলোৱা বিমান আক্ৰমণৰ পাছত শংকিত হৈ পৰিছে পাকিস্তান । এই বিমান আক্ৰমণৰ নাম ৰখা হৈছিল ‘অপাৰেশ্যন সেন্দূৰ’। ইয়াৰ মাত্ৰ এদিন পিছতে আৰম্ভ হৈছে ‘অপাৰেশ্যন সেন্দূৰ’ৰ ওপৰত ছবি নিৰ্মাণৰ প্ৰস্তুতি।

অপাৰেশ্যন সেন্দূৰৰ ওপৰত নিৰ্মাণ হ’ব ছবি!
২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লৈ পাকিস্তানত প্ৰৱেশ কৰিছে ভাৰতে। ভাৰতীয় সেনাই ৬-৭ মে’ৰ মাজনিশা পাকিস্তান আৰু PoKৰ কেইবাটাও সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলায়। এই আক্ৰমণৰ পিছত শংকিত হৈ পৰিছে পাকিস্তান। যাৰ বাবে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ভাৰত আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে । ভাৰতৰ প্ৰতিশোধমূলক পদক্ষেপৰ বাবে উৎফুল্লিত হৈ পৰিছে দেশৰ জনসাধাৰণ। ইয়াৰ মাজতে বিমান আক্ৰমণৰ মাত্ৰ এদিন পিছতে আৰম্ভ হৈছে ‘অপাৰেশ্যন সেন্দূৰ’ৰ ওপৰত ছবি নিৰ্মাণৰ প্ৰস্তুতি।। ‘অপাৰেশ্যন সেন্দূৰ’ ছবিখনৰ শিৰোনাম পঞ্জীয়নৰ বাবে প্ৰযোজকৰ মাজতো আৰম্ভ হৈছে দৌৰ।
এই দৌৰত কোন কোন চলচ্চিত্ৰ নিৰ্মাতা আগবাঢ়ি আছে?
শেহতীয়াকৈ এই সন্দৰ্ভত বলীউড হাংগামাত এক প্ৰতিবেদন প্ৰকাশ পাইছে। ‘অপাৰেশ্যন সেন্দূৰ’ৰ তথ্য ওলোৱাৰ লগে লগে বিভিন্ন চলচ্চিত্ৰ প্ৰডাকচন কোম্পানীয়ে প্ৰস্তুতি আৰম্ভ কৰিছে। তেওঁলোকে নিজৰ নিজৰক প্ৰতিনিধিক চলচ্চিত্ৰ সংস্থালৈ পঠিয়াই ‘অপাৰেশ্যন সেন্দূৰ’ শিৰোনামৰ বাবে পঞ্জীয়ন কৰে। খবৰ অনুসৰি এই দৌৰত মহাবীৰ জৈনৰ কোম্পানীয়ে আগবাঢ়ি আছে আৰু তেওঁলোকে প্ৰথমে শিৰোনাম পঞ্জীয়ন কৰিছে। ইয়াৰ উপৰিও জি ষ্টুডিঅ’ আৰু টি-ছিৰিজেও শিৰোনাম পঞ্জীয়ন কৰিছে। তেওঁলোক এই দৌৰত তৃতীয় আৰু চতুৰ্থ স্থানত আছে। এই ছবিৰ বাবে প্ৰখ্যাত পৰিচালক মধুৰ ভাণ্ডাৰকাৰেও পঞ্জীয়ন কৰা বুলি খবৰ পোহৰলৈ আহিছে।
ইতিমধ্যে বলীউডে বহু সামৰিক অভিযানৰ ওপৰত ছবি নিৰ্মাণ কৰিছে। ইয়াৰ ভিতৰত আছে বিকি কৌশলৰ ‘উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক’। ইয়াৰোপৰি ছানী দেওলৰ ‘বৰ্ডাৰ’, ‘আমৰণ’ আৰু আলিয়া ভাটৰ ‘ৰাজী’। এই ছবিবোৰে বক্স অফিচত প্ৰচণ্ড সঁহাৰি লাভ কৰিছিল। ইয়াৰ উপৰিও এই তালিকাত ‘লক্ষ্য’, ‘শ্বেহশাহ’, ‘গুঞ্জন সক্সেনা: কাৰ্গিল গাৰ্ল’ আদিও আছে। এতিয়া বহু ডাঙৰ ডাঙৰ ছবি নিৰ্মাতাই অপাৰেশ্যন সেন্দূৰৰ ওপৰত এখন ছবি নিৰ্মাণৰ প্ৰস্তুতি চলাইছে।
অৱশ্যে কোনজন চলচ্চিত্ৰ নিৰ্মাতাই এই কাম লাভ কৰিব সেয়া চাবলৈ সকলো আগ্ৰহী। বিশেষজ্ঞসকলৰ মতে যিজন চলচ্চিত্ৰ নিৰ্মাতাই প্ৰথমে শিৰোনাম পঞ্জীয়ন কৰিব, তেওঁ আগত থাকিব। যিজন চলচ্চিত্ৰ নিৰ্মাতাই এই যুদ্ধত জয়ী হ’ব, তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ সুযোগ হ’ব। অৱশ্যে এই বিমান আক্ৰমণৰ পিছতে ছ’চিয়েল মিডিয়াত ছবিখন নিৰ্মাণৰ বাবে ৰাইজে দাবী উত্থাপন কৰিছিল। আনকি বহুতে ছবিখনত চাব বিচৰা নিজৰ প্ৰিয় অভিনেতাসকলকো টেগ কৰিছিল।
লগতে পঢ়ক: ‘কৰাচী বেকাৰী’ত লগোৱা হৈছে ভাৰতীয় পতাকা , চৌদিশে কঠোৰ নিৰাপত্তা বেষ্টনী, কাৰণ…