শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তেওঁ মোক প্ৰতি মুহূৰ্ততে…বিবাহ বিচ্ছেদৰ পিছত ছেইফৰ পৰা কিমান টকা বিচাৰিছিল অমৃতাই?

লিখিত তথ্য অনুসৰি অমৃতা সিং ছেইফ আলী খানতকৈ ৬ বছৰ ডাঙৰ আছিল। ১৯৯১ চনত ছেইফৰ সৈতে বিবাহৰ সময়ত অমৃতাৰ বয়স আছিল ২৭ বছৰ। পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁলোকে বিয়া হৈছিল। কিন্তু তেওঁলোকৰ বিবাহ সুখকৰ নহ'ল। তেওঁলোকৰ বিবাহ বিচ্ছেদো সহজে হোৱা নাছিল।

তেওঁ মোক প্ৰতি মুহূৰ্ততে…বিবাহ বিচ্ছেদৰ পিছত ছেইফৰ পৰা কিমান টকা বিচাৰিছিল অমৃতাই?
বিবাহ বিচ্ছেদৰ পিছত ছেইফৰ পৰা কিমান টকা বিচাৰিছিল অমৃতাই?
trishna-kalita
Trishna Kalita | Published: 29 Jun 2025 16:15 PM

পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে অমৃতা সিঙক বিয়া কৰাইছিল ছেইফ আলী খানে। সেই বিবাহক লৈ বলীউডতো হৈছিল হুলস্থুল। নিজতকৈ অধিক বয়সৰ মহিলাক বিয়া কৰোৱাটো সেই সময়ত স্বাভাৱিক কথা নাছিল। ভাগ্য ভাল যে সেই সময়ত ছ’চিয়েল মিডিয়া নাছিল, নহ’লে ট্ৰ’লিঙৰ পৰা সাৰি যাব নোৱাৰিলেহেঁতেন তেওঁলোকে। সেই সময়ত অমৃতা সিঙৰ বয়স কিমান আছিল জানেনে?

লিখিত তথ্য অনুসৰি অমৃতা সিং ছেইফ আলী খানতকৈ ৬ বছৰ ডাঙৰ আছিল। ১৯৯১ চনত ছেইফৰ সৈতে বিবাহৰ সময়ত অমৃতাৰ বয়স আছিল ২৭ বছৰ। পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁলোকে বিয়া হৈছিল। কিন্তু তেওঁলোকৰ বিবাহ সুখকৰ নহ’ল। তেওঁলোকৰ বিবাহ বিচ্ছেদো সহজে হোৱা নাছিল। বিচ্ছেদৰ পিছত অমৃতা সিঙে ছেইফৰ পৰা তেওঁলোকৰ সন্তানক ডাঙৰ-দীঘল কৰিবলৈ বিপুল পৰিমাণৰ ধন বিচাৰিছিল।

২০০৫ চনত এটা সাক্ষাৎকাৰত ছেইফে এই বিষয়ে মুকলিকৈ কৈছিল।তেওঁ কয়, “অমৃতাক ৫ কোটি টকা দিয়াৰ কথা আছিল। ইয়াৰে মই ইতিমধ্যে ২.৫ কোটি টকা দিছো। মোৰ ল’ৰাৰ বাবে ১৮ বছৰ সম্পূৰ্ণ নোহোৱালৈকে মই মাহে ১ লাখ টকা দিব লাগিব। মই শ্বাহৰুখ খান নহয়। মোৰ হাতত ইমান টকা নাই। যদিও মই তেওঁক গোটেই টকাখিনি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলো।”

শুনা যায় যে, যদিও তেওঁলোকৰ বিবাহিত জীৱনৰ প্ৰথম কেইবছৰমান ভালদৰে গৈছিল, পিছত ছেইফে ঘনিষ্ঠ মহলত নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল। লগতে মানসিক নিৰ্যাতনৰ বলি হোৱা বুলিও কৈছিল। লগতে তেওঁ কয়, “অমৃতাই মোক প্ৰতি মুহূৰ্ততে অপমান কৰিছিল।” অমৃতা তেওঁ কিমান অযোগ্য পিতৃ, কিমান বেয়া স্বামী আছিল বুলি প্ৰমাণ কৰাত ব্যস্ত আছিল বুলি দাবী কৰে ছেইফে। কিন্তু সেই সকলোবোৰ অতীতৰ কথা। এই মুহূৰ্তত কৰীনা কাপুৰৰ সৈতে তেওঁৰ এটা সুখী পৰিয়াল আছে।