Assembly elections 2024 : কাৰ ভৱিষ্যতবাণী সঠিক হ’ল ? গৰিষ্ঠসংখ্যক এগজিট প’লৰ বিপৰীত ছবি ঝাৰখণ্ডত…!
এগজিট প’লে মহাৰাষ্ট্ৰ নিৰ্বাচনৰ সন্দৰ্ভত সঠিক ভৱিষ্যতবাণী কৰিছিল যদিও ঝাৰখণ্ডৰ ফলাফলত এগজিট প’লৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা গ’ল । মনকৰিবলগীয়া যে, মহাৰাষ্ট্ৰত এন ডি এৰ জয়ৰ ভৱিষ্যতবাণী কৰাত গৰিষ্ঠসংখ্যক এগজিট প’ল সঠিক আছিল যদিও কোনোৱেই মহাযুতিৰ জয়ৰ পৰিসৰৰ ভৱিষ্যতবাণী কৰিব পৰা নাছিল ।
গৰিষ্ঠসংখ্যক এগজিট প’লে মহাৰাষ্ট্ৰ নিৰ্বাচনৰ সন্দৰ্ভত সঠিক ভৱিষ্যতবাণী কৰিছিল যদিও ঝাৰখণ্ডৰ ফলাফলত এগজিট প’লৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা গ’ল । মনকৰিবলগীয়া যে, মহাৰাষ্ট্ৰত এন ডি এৰ জয়ৰ ভৱিষ্যতবাণী কৰাত গৰিষ্ঠসংখ্যক এগজিট প’ল সঠিক আছিল যদিও কোনোৱেই মহাযুতিৰ জয়ৰ পৰিসৰৰ ভৱিষ্যতবাণী কৰিব পৰা নাছিল । ইফালে এই সমীক্ষাসমূহৰ অধিকাংশই ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনীৰ ফলাফলত সঠিক ভৱিষ্যতবাণী কৰিব পৰা নাছিল । কিন্তু দুয়োখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ সন্দৰ্ভত প্ৰায় সঠিক ভৱিষ্যতবাণী কৰিবললৈ সক্ষম হয় এক্সিছ মাই ইণ্ডিয়াই।
মহাৰাষ্ট্ৰীত মহাযুতিৰ বাবে ১৭৮-২০০ আসন, বিৰোধী এমভিএৰ বাবে ৮২-১০২ আসন আৰু অন্যান্য়ৰ বাবে ৬-১২ আসনৰ ভৱিষ্যতবাণী কৰা এক্সিছ মাই ইণ্ডিয়াই মহাৰাষ্ট্ৰৰ চূড়ান্ত ফলাফলৰ আটাইতকৈ ওচৰ চাপিছিল। ২৮৮খন আসনৰ বিধানসভাত ২৩০ টাতকৈও অধিক সমষ্টিত শাসকীয় মিত্ৰজোঁটে জয়লাভ কৰাৰ সম্ভাৱনা কথা প্ৰকাশ কৰিছিল এক্সিছ মাই ইণ্ডিয়াই।
ইফালে, ঝাৰখণ্ডত আন সকলো এগজিট প’লত এন ডি এৰ জয়ৰ ভৱিষ্যতবাণী কৰা হৈছিল যদিও এক্সিছ মাই ইণ্ডিয়াই কংগ্ৰেছ-জেএমএমৰ মিত্ৰজোঁটে ৫৩ খন আসনৰ বিপৰীতে বিজেপি নেতৃত্বাধীন এনডিএ ২৫ খন আৰু অন্যান্যই তিনিখন আসন লাভ কৰা সম্ভাৱনা কথা প্ৰকাশ কৰিছিল ।
উল্লেখ্য যে, ২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ১৪৫, আনহাতে ৮১ জনীয়া ঝাৰখণ্ড বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ৪১। পিপলছ পালছৰ এগজিট প’লে মহাৰাষ্ট্ৰৰ এন ডি এৰ মহাযুতিক ১৭৫-১৯৫ খন আসন লাভ কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰত এম ভি এক মাত্ৰ ৮৫-১১২ খন আৰু অন্য়ান্যক ৭-১২ খন আসনহে প্ৰদান কৰিছিল।
ইতিমধ্যে ঝাৰখণ্ডৰ নিৰ্বাচনী ভোটগণনা সমাপ্ত হৈছে । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ঝাৰখণ্ডৰ নিধানসভা নিৰ্বাচনত ৮১ খন আসনৰ ভিতৰত জেএমএময়ে লাভ কৰিছে ৩৪ খন আসন । ইয়াৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ২১ খন আসন । সমান্তৰালভাৱে কংগ্ৰেছে এই নিৰ্বাচনটোত লাভ কৰিছে ১৬ খন আসন । একেদৰে আৰজেডিয়ে ৪ খন, চিপিআই(এমএল)(অল) ২ খন, এজেএছইউপিয়ে ১ খন, জেএলপিআৰভিয়ে ১ খন, জেএলকেএময়ে ১ খন, জনতা দল (ইউনাটেড) এখন আসন লাভ কৰিছে ।
উল্লেখ্য যে, মহাৰাষ্ট্ৰত এনডিএয়ে মিত্ৰজোঁটে গঠনৰ বাবে সাজু হৈছে । ৰাজ্যৰ ইতিমধ্যে সংখ্যা গৰিষ্ঠ সংখ্যা অতিক্ৰম কৰিছে এনডিএ তথা মহাযুতিয়ে । এতিয়ালৈকে নিৰ্বাচনী ফলাফলত মহাযুতিয়ে ২৩০ খন, কংগ্ৰেছ নেতৃত্বধীন এমভিএয়ে মিত্ৰজোঁটে ৪৭খন আসন লাভ কৰাৰ বিপৰীতে অন্যান্যই ১১ খন আসন লাভ কৰিছে । ৰাজ্যখনৰ ভোটগণনা এতিয়াও চলি আছে ।