Zubeen garg: জুবিন গাৰ্গক অসমলৈ অনা সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
Zubeen garg: জুবিন গাৰ্গৰ মৃত্যুই কন্দুৱাই গৈছে সমগ্ৰ অসমবাসীক। এতিয়াও অসম পোৱা নাই জুবিনৰ পাৰ্থিৱ শৰীৰ। শেহতীয়াকৈ এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে।
সমগ্ৰ অসমত বৰ্তমান শোকাকুল পৰিৱেশ। সকলোৱে অপেক্ষা কৰি আছে কেতিয়া অসম পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বিশেষ মন্তব্য প্ৰদান কৰিছে। তেওঁ কৈছে যে, বৰ্তমান জুবিনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। নিশাৰ ভাগত তেওঁৰ পাৰ্থিৱ শৰীৰ দিল্লী পাব। তাৰ এঘন্টাৰ ভিতৰতে লৈ অনা হ’ব অসমলৈ। এনে ক্ষেত্ৰত দেওবাৰে পুৱা সৰুসজাইত জুবিনক শেষ শ্ৰদ্ধা জনাব পাৰিব সকলোয়ে।
উল্লেখ্য যে, ইতিমধ্যে জুবিনৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ইফালে মুখ্যমন্ত্ৰীয় হিমন্ত বিশ্ব শৰ্মাইও তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পন কৰিছে। জুবিনৰ মৃত্যুই জোকাৰি গৈছে সমগ্ৰ অসমবাসীক। গতিকে এই ক্ষেত্ৰত নিৰপেক্ষ তদন্ত হ’ব বুলি নিশ্চিয়তা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।