20 September 2025
TV9 ASSAM
ব্যস্ত জীৱন, ভুল খাদ্যাভ্যাস আৰু পানী কম খোৱাৰ ফলত বৃক্কৰ সমস্যা বৃদ্ধি পাইছে । ইয়াৰ ভিতৰত এটা সমস্যা হৈছে বৃক্কত পাথৰ সৃষ্টি।
বিভিন্ন কাৰণত কিডনী ষ্টোন হয়। কিডনী ষ্টোনৰ মূল কাৰণসমূহ জানোঁ আহক ।
পৰ্যাপ্ত পৰিমাণৰ পানী নোখোৱাৰ ফলত খনিজ পদাৰ্থ আৰু অন্যান্য উপাদানসমূহ বৃক্কত জমা হৈ পাথৰৰ ৰূপ লয়।
অধিক নিমখ, মাংস তথা প্ৰটিনযুক্ত খাদ্য, ফাষ্ট ফুড খোৱাৰ ফলত ইউৰিক এচিড আৰু কেলচিয়াম বৃদ্ধি পায়, যাৰ ফলত বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
যদি পৰিয়ালৰ কোনোবাই ইতিমধ্যে কিডনীত পাথৰৰ সমস্যাত ভুগিছে, তেন্তে আপোনাৰো এই সমস্যা হ’ব পাৰে।
বাৰে বাৰে প্ৰস্ৰাৱ ধৰি ৰখাৰ অভ্যাসৰ বাবে বৃক্কত বেক্টেৰিয়া আৰু খনিজ পদাৰ্থ জমা হয়, যাৰ ফলত পাথৰ সৃষ্টি হ’ব পাৰে।
কিছুমান বিশেষ ঔষধ যেনে কেলচিয়াম পৰিপূৰক বা ইউৰিক এচিড বৃদ্ধি কৰা ঔষধেও পাথৰ সৃষ্টি কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক