শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Shraddha Kapoor: অৱশেষত শ্ৰদ্ধাই প্ৰেমিকৰ কথা কৰিলে ৰাজহুৱা, জানক কোন?

Shraddha Kapoor: অৱশেষত শ্ৰদ্ধাই প্ৰেমিকৰ কথা কৰিলে ৰাজহুৱা, জানক কোন?

barasha-misra
Barasha Misra | Published: 20 Sep 2025 22:02 PM

২০২৪ চনৰ পৰাই শ্ৰদ্ধা কাপুৰৰ ৰাহুল মোদীৰ প্ৰেমৰ সম্পৰ্কৰ উৰাবাতৰি চলি আহিছে। পাপাৰাজীৰ কেমেৰাত ধৰা পৰা ভিডিঅ’ৰ পৰাই আৰম্ভ হৈছিল। য'ত শ্ৰদ্ধাক ৰেষ্টুৰেণ্টত ৰাহুল মোদীৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰা দেখা যায়। তেতিয়াৰ পৰাই শ্ৰদ্ধা আৰু ৰাহুলৰ প্ৰেম বলীউডত ভাইৰেল হৈ পৰিছে।

বহু আগতেই উৰাবাতৰি ওলাইছিল। কিন্তু শ্ৰদ্ধা কাপুৰে সেই উৰাবাতৰিৰ প্ৰতি কেতিয়াও গুৰুত্ব নিদিলে। বৰঞ্চ শক্তি কাপুৰৰ কন্যাই প্ৰেমিকৰ সৈতে কেইখনমান ফটো আৰু ভিডিঅ’ পোষ্ট কৰে। কিন্তু এইবাৰ আৰু লুকাই ৰখা নাই শ্ৰদ্ধাই। তেওঁ পোনপটীয়াকৈ ইনষ্টাগ্ৰামত প্ৰকাশ কৰিলে, হৃদয়ৰ মানুহজনক বিচাৰি পাইছে!

শেহতীয়াকৈ শ্ৰদ্ধা কাপুৰে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ আপলোড কৰিছিল। য’ত দেখা গৈছে ব্যৱসায়ী ৰাহুল মোদীৰ সৈতে। সেই ভিডিঅ’টো পোষ্ট কৰাৰ পিছত শ্ৰদ্ধাই লিখিছে, “মোৰ সকলো কথা শুনিব পৰা এনে এজন ব্যক্তি ক’ত পাম?” এই ভিডিঅ’টোত শ্ৰদ্ধা কাপুৰে ৰাহুল মোদীক টেগ কৰিছিল। কেপচনত লিখিছে, “এনেকুৱা হট, সেইজন ব্যক্তি ক’ত?” ৰাহুল মোদীয়েও ভিডিঅ’টোত লাইক কৰিছিল।

কেতিয়াৰ পৰা প্ৰেম?

২০২৪ চনৰ পৰাই শ্ৰদ্ধা কাপুৰৰ ৰাহুল মোদীৰ প্ৰেমৰ সম্পৰ্কৰ উৰাবাতৰি চলি আহিছে। পাপাৰাজীৰ কেমেৰাত ধৰা পৰা ভিডিঅ’ৰ পৰাই আৰম্ভ হৈছিল। য’ত শ্ৰদ্ধাক ৰেষ্টুৰেণ্টত ৰাহুল মোদীৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰা দেখা যায়। তেতিয়াৰ পৰাই শ্ৰদ্ধা আৰু ৰাহুলৰ প্ৰেম বলীউডত ভাইৰেল হৈ পৰিছে।