জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ ল’বলৈ অহা ৰাইজে পালন কৰিবলগীয়া নীতি-নিৰ্দেশনা
ছিংগাপুৰৰ পৰা ভাৰত অভিমুখে ৰাওনা হৈছে জুবিন গাৰ্গৰ নশ্বৰদেহ। এয়াৰ ইণ্ডিয়াৰ বিমান ৰাওনা দিল্লী অভিমুখে এয়াৰ বাছ A321-251NXত আহিছে জুবিন গাৰ্গৰ নশ্বৰদেহ। নিশা প্রায় ১২ বজাত দিল্লীত অৱতৰণ কৰিব বিমানখনে। তাৰ পিছতে দিল্লী পোৱাৰ এঘন্টাৰ ভিতৰত তেওঁৰ পাৰ্থিৱ শৰীৰ বিশেষ বিমানৰ জৰিয়তে অসমলৈ অনা হ’ব।

এই সন্দৰ্ভত সৰুসজাইত সংবাদমেল সম্বোধন কৰে মহানগৰ জিলা আয়ুক্ত আৰু ট্ৰেফিক DCP-এ। সংবাদমেলত কোৱা মতে, বিমানবন্দৰৰ পৰা কাহিলিপাৰাৰ ঘৰলৈ অনা হ’ব নশ্বৰদেহ। কাহিলিপাৰাৰ বাসগৃহলৈ অনুৰাগীসকলক নাযাবলৈ আহ্বান জিলা আয়ুক্তৰ। তাত জুবিনৰ সৈতে কেৱল পৰিয়ালৰ লোকসকল থাকিব বুলি উল্লেখ। তাৰ পিছতে সৰুসজাইলৈ নিয়া হ’ব জুবিন গাৰ্গৰ নশ্বৰদেহ। সৰুসজাইত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ উপৰিও জনসাধাৰণৰ বাবে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময় কাইলৈৰ বাবে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ নিৰ্ধাৰণ কৰা হৈছে।