দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ১ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

01 Sep 2025 | 09:50 AM

আজি ১ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১ ছেপ্টেম্বৰ কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৮৭৮ চনত এমা এম নাট আমেৰিকাৰ প্ৰথমগৰাকী মহিলা টেলিফোন অপাৰেটৰ হিচাপে পৰিগণিত হয়।

১৯৩৯ চনত জাৰ্মানীয়ে পোলেণ্ডত আক্ৰমণ কৰাৰ লগে লগে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়।

১৯৪৭ চনত ভাৰতীয় মানক সময় গ্ৰহণ কৰা হয়।

১৯৫৬ চনত ভাৰতীয় জীৱন বীমা নিগম (LIC) প্ৰতিষ্ঠা কৰা হয়।

ৰাজ্যসমূহৰ পুনৰ্গঠনৰ পিছত ১৯৫৬ চনত ত্ৰিপুৰা কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হয়।

১৯৬৪ চনত ভাৰতীয় তেল শোধনাগাৰ আৰু ইণ্ডিয়ান অইল কোম্পানী একত্ৰিত হৈ ভাৰতীয় তেল নিগম গঠন কৰা হয়।

ইজিপ্ত আৰু লিবিয়াই ১৯৭২ চনত ফেডাৰেচন গঠন কৰে।

উত্তৰ আয়াৰলেণ্ডত ১৯৯৪ চনত আইৰিছ ৰিপাব্লিকান সেনাই যুদ্ধবিৰতি ঘোষণা কৰে।

২০০০ চনত চীনে তিব্বতৰ মাজেৰে নেপাললৈ যোৱা একমাত্ৰ পথ বন্ধ কৰি দিছিল।

২০০৫ চনত আমেৰিকাৰ চৰ্তসাপেক্ষ মুক্তিৰ প্ৰস্তাৱ নাকচ কৰিছিল ছাদ্দাম হুছেইনে।

ইউনিয়ন বেংক অৱ ইণ্ডিয়াই ২০০৮ চনত নিজৰ ল’গ’ সলনি কৰিছিল।

বিখ্যাত সাহিত্যিক ফাদাৰ কামিল বুলকেৰ জন্ম হৈছিল ১৯০৯ চনত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...