দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ১৮ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

18 Oct 2025 | 07:00 AM

আজি ১৮ অক্টোবৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১৮ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৯২২ চনত ব্ৰিটিছ ব্ৰডকাষ্টিং কোম্পানী লিমিটেড প্ৰতিষ্ঠা কৰা হয়, যিটো পিছলৈ ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যন (বিবিচি) নামেৰে জনাজাত।

১৯৪৪ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ছোভিয়েট ইউনিয়নে নাজী জাৰ্মানীৰ পৰা চেকোস্লোভাকিয়াৰ স্বাধীনতাৰ বাবে যুঁজ আৰম্ভ কৰে।

১৯৭২ চনত ভাৰতৰ হেলিকপ্টাৰ এছ এ-৩১৫ৰ বেংগালুৰুত সফলতাৰে পৰীক্ষা কৰা হয়।

১৯৮০ চনত মুম্বাইৰ ব্ৰাবৰ্ণ ষ্টেডিয়ামৰ পৰা প্ৰথমখন হিমালয়ৰ গাড়ী ৰেলীৰ ফ্লেগ অফ কৰা হয়।

১৯৮৫ চনত দক্ষিণ আফ্ৰিকা চৰকাৰে ব্যাপক প্ৰতিবাদৰ মাজতো কবি বেঞ্জামিন মল’ইজক ফাঁচী দিয়ে।

২০০৪ চনত দক্ষিণ ভাৰতৰ এজন কুখ্যাত চন্দন সৰবৰাহকাৰী আৰু ডাকাত কিংপিন বীৰপ্প্পানক আৰক্ষীৰ এনকাউণ্টাৰত হত্যা কৰা হয়।

২০০৭ চনত বেনজিৰ ভুট্টোৱে আঠ বছৰৰ স্ব-আৰোপিত নিৰ্বাসনৰ অন্তত পাকিস্তানলৈ উভতি আহে, মাত্ৰ কেইঘণ্টামানৰ পিছতে কৰাচীত হোৱা বোমা বিস্ফোৰণৰ পৰা কথমপি ৰক্ষা পৰে।

১৯২৫ চনত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা নাৰায়ণ দত্ত তিৱাৰীৰ জন্ম।

১৯২৫ চনত ভাৰতৰ প্ৰখ্যাত নাট্য পৰিচালক আৰু নেচনেল স্কুল অৱ ড্ৰামাৰ প্ৰাক্তন পৰিচালক ইব্ৰাহিম আলকাজিৰ জন্ম।

১৯৫০ চনত হিন্দী আৰু ইংৰাজী ছবিৰ বিখ্যাত অভিনেতা ওম পুৰী জন্ম।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...