শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ১৬ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
manas-borah
Manas Borah | Published: 16 Nov 2025 07:00 AM

আজি ১৬ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১৬ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৭৭৬ চনত আমেৰিকান বিপ্লৱৰ সময়ত ব্ৰিটিছ সৈন্যই ফ’ৰ্ট ৱাশ্বিংটন দখল কৰে।

১৮৪০ চনত নিউজিলেণ্ড আনুষ্ঠানিকভাৱে ব্ৰিটিছ উপনিৱেশত পৰিণত হয়।

১৮৬০ চনত ভাৰতীয় শ্ৰমিকৰ প্ৰথম গোট দক্ষিণ আফ্ৰিকাৰ নাটালত উপস্থিত হয়।

১৯৩৩ চনত আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন হয়।

১৯৪৫ চনত সমগ্ৰ বিশ্বতে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰা ইউনেস্কো গঠন হয়।

১৯৭৩ চনত বেডমিণ্টন খেলুৱৈ পুলেলা গোপিচান্দৰ জন্ম হয়।

১৯৮৮ চনত পাকিস্তান পিপলছ পাৰ্টিয়ে নিৰ্বাচনত জয়লাভ কৰে আৰু বেনজিৰ ভুট্টো পাকিস্তানৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হয়।