দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ১৪ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

আজি ১৪ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১৪ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
ভাৰতত প্ৰতি বছৰে ১৪ নৱেম্বৰৰ দিনটোত শিশু দিৱস পালন কৰা হয়। এই দিৱস ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকী উপলক্ষে জনাজাত। ১৮৮৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম।
১৬৮১ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগক পৃথক ৰাজ্য হিচাপে গঠন কৰাৰ কথা ঘোষণা কৰে।
১৯২২ চনত ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যনে (বিবিচি) ব্ৰিটেইনত ৰেডিঅ’ সেৱা আৰম্ভ কৰে, ব্ৰিটেইনত ৰেডিঅ’ সম্প্ৰচাৰ কৰা প্ৰথমটো সংস্থা হিচাপে পৰিগণিত হয়।
১৯৭৩ চনত ব্ৰিটেইনৰ ৰাজকুমাৰী এন্নে এজন সাধাৰণ মানুহৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ৰজাঘৰত আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল।
১৯৯৯ চনত এমাহৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ওছামা বিন লাডেনক আমেৰিকা বা তৃতীয় দেশক গতাই নিদিয়াৰ বাবে ৰাষ্ট্ৰসংঘই তালিবানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে।
২০০২ চনত চীনৰ ৰাষ্ট্ৰপতি জিয়াং জেমিনে পদৰ পৰা পদত্যাগ কৰে।
২০০৬ চনত ভাৰত আৰু পাকিস্তানৰ বৈদেশিক সচিবে নতুন দিল্লীত সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থা স্থাপন কৰিবলৈ সন্মত হয়।