দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ১১ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।
আজি ১১ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১১ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৬৭৫ চনত গুৰু গোবিন্দ সিংহক শিখসকলৰ গুৰু হিচাপে নিযুক্তি দিয়া হয়।
১৮১১ চনত কলম্বিয়াৰ কাৰ্টাজেনাই স্পেইনৰ পৰা স্বাধীনতা ঘোষণা কৰে।
১৮৩৬ চনত চিলিয়ে বলিভিয়া আৰু পেৰুৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৯০৫ চনত ৱেলছৰ ৰাজকুমাৰে দ্য প্ৰিন্স অৱ ৱেলছ সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে।
১৯১৮ চনত পোলেণ্ডে নিজকে স্বাধীন দেশ বুলি ঘোষণা কৰে।
১৯৬২ চনত কুৱেইটৰ ৰাষ্ট্ৰীয় বিধানসভাই সংবিধান গৃহীত কৰে।
১৯৭৩ চনত নতুন দিল্লীত প্ৰথম আন্তঃৰাষ্ট্ৰীয় ডাক টিকট প্ৰদৰ্শনী আৰম্ভ হয়।
১৯৭৮ চনত মৌমুন আব্দুল গায়ুম মালদ্বীপৰ ৰাষ্ট্ৰপতি হয়।
১৯৮৯ চনত বাৰ্লিনৰ দেৱাল খহিবলৈ আৰম্ভ কৰে।
২০০২ চনত ইৰাণৰ সংসদে দেশখনৰ কঠোৰ ন্যায়পালিকাৰ ক্ষমতা হ্ৰাস কৰা বিধেয়কত অনুমোদন জনায়।
২০০৪ চনত ইয়াছিৰ আৰাফাতৰ মৃত্যু হয়। মাহমুদ আব্বাছক পিএলঅ’ৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।
২০০৭ চনত আমেৰিকান লেখক নৰ্মান মেইলাৰৰ মৃত্যু হয়।