শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কেনেকৈ সংঘটিত হৈছিল তিতাবৰৰ চাঞ্চল্যকৰ হত্যাকাণ্ড?

কেনেকৈ সংঘটিত হৈছিল তিতাবৰৰ চাঞ্চল্যকৰ হত্যাকাণ্ড?

barasha-sarma
Barasha Sarma | Published: 10 Nov 2025 17:49 PM

Titabor case: তিতাবৰত সংঘটিত ছাত্ৰীৰ মৃত্যুৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য। এটা চেপ্টিক টেংকত উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে ৪ জনক গ্ৰেপ্তাৰ কৰিছে।

তিতাবৰত সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী ৬৩ বছৰীয়া বৃদ্ধৰ হাতত প্ৰাণ হেৰুৱাই ১৮ বছৰীয়া এগৰাকী যুৱতীয়ে। জানিব পৰা মতে, মৃত যুৱতীগৰাকী ৭-৮ মাহৰ গৰ্ভৱতী আছিল। জগত সিং নামৰ বৃদ্ধগৰাকীৰ কু-কাণ্ডৰ বলি হৈ যুৱতীগৰাকী গৰ্ভৱতী হৈছিল। শেহতীয়াকৈ যুৱতীগৰাকীৰ গৰ্ভপাত কৰোৱাৰ চেষ্টা কৰিছিল জগত সিঙে। কিন্তু  পাছত যুৱতীগৰাকীক হত্যা কৰি মৃতদেহ শৌচাগাৰৰ টেংকিত পেলাই থৈ দিয়ে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছে ৪ জন। ঘটনা সন্দৰ্ভত যোৰহাটৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, ইতিমধ্যে অভিযুক্তই অপৰাধ স্বীকাৰ কৰিছে। তেওঁৰ ভাষ্যৰ ভিত্তিতে যুৱতীগৰাকীৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হয়। যুৱতীগৰাকীৰ গৰ্ভপাত কৰোৱাৰ চেষ্টা কৰিছিল অভিযুক্তই। ইয়াৰ বাবে ফাৰ্মাচিষ্টৰ সহায় লৈছিল। কিন্তু পাছত হত্যা কৰিছিল।

সবিশেষৰ বাবে চাওক ভিডিঅ’…