November 10, 2025
TV9 ASSAM
চৰ্বিযুক্ত যকৃত থকাসকলে খাদ্যত চুগাৰৰ মাত্ৰা হ্ৰাস কৰিব লাগে। বিশেষকৈ চ’ডা, ফলৰ ৰস, প্ৰচেছড খাদ্যত পোৱা ফ্ৰুক্ট’জৰ অত্যধিক সেৱনে যকৃতক আগুৰি ধৰিব পাৰে আৰু ফলত চৰ্বি জমা হ’ব পাৰে।
সীমিত খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজন। অৰ্থাৎ মাজে মাজে উপবাসে থাকিলে যকৃতৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে।
খাদ্যত আঁহৰ পৰিমাণ বৃদ্ধি কৰক। আঁহৰ বাবে শাক-পাচলি, ওটছ, চিয়া বীজ, আৰু মাহজাতীয় শস্য খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।
চৰ্বিযুক্ত যকৃতৰ ৰোগ নিয়ন্ত্ৰণত শৰীৰ চৰ্চাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। খোজ কঢ়া বা চাইকেল চলোৱাৰ দৰে ব্যায়ামে যকৃতৰ চৰ্বি বহু পৰিমাণে হ্ৰাস কৰিব পাৰে। লগতে নিয়মীয়া যোগাসন অভ্য়াস কৰিব পাৰে।
চৰ্বিযুক্ত যকৃতৰ সমস্যা হ্ৰাস কৰাৰ বাবে অতিৰিক্ত ওজন হ্ৰাস কৰাটো আটাইতকৈ ফলপ্ৰসূ কৌশলৰ ভিতৰত অন্যতম। নিয়মীয়া শৰীৰ চৰ্চা আৰু স্বাস্থ্যকৰ খাদ্যৰ জৰিয়তে ওজন নিয়ন্ত্ৰণ কৰিব পাৰে।
মদ্যপান সম্পৰ্কীয় চৰ্বিযুক্ত যকৃতৰ ক্ষেত্ৰত মদ্যপান সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগে । নিয়মিত মদ্যপান কৰিলে যকৃতৰ ক্ষতি আৰু বেছি হ’ব পাৰে
উল্লেখ্য যে, চৰ্বিযুক্ত যকৃতৰ সমস্য়া হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। ইয়াৰ লগতে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰি খাদ্যাভ্যাস সলনি কৰাৰ লগতে জীৱনশৈলী সলনি কৰক।
পঢ়িবলৈ ক্লিক কৰক