10 Nov 2025
TV9 ASSAM
হিন্দু ধৰ্মত মা লক্ষ্মীৰ মহত্ব অধিক। ধনৰ দেৱী মা লক্ষ্মী। কোৱা হয়, মা লক্ষ্মী সন্তুষ্ট হ'লে এখন ঘৰত কেতিয়াও আৰ্থিক সংকট নহয়। আনহাতে অসন্তুষ্ট হ'লে আৰ্থিক সমস্যা হয়।
মান্যতা অনুসৰি যেতিয়া মা লক্ষ্মী সন্তুষ্ট হয় তেতিয়া কিছুমান সংকেতে দেখা দিয়ে। মা লক্ষ্মী ঘৰলৈ আগমনৰ পূৰ্বে কিছুমান বিশেষ ইংগিত দিয়ে।
কোৱা হয়, মা লক্ষ্মীৰ আগমনত ঘৰৰ চাৰিওফালৰ পৰিৱেশ ভাল হৈ পৰে। ইয়াৰ বাবে ঘৰৰ চাৰিওফালে সুগন্ধি পাব পাৰে। এক ইতিবাচক ভাব লৈ আনে।
জ্যোতিষ শাস্ত্ৰত ফেঁচাক মা লক্ষ্মীৰ বাহন বুলি কোৱা হয়। কোৱা হয়, যদি ঘৰৰ ছাদত বা আশে-পাশে ফেঁচা দেখা পাই তেন্তে ই মা লক্ষ্মী আগমনৰ সংকেত হ'ব পাৰে।
যদি আপোনাৰ ঘৰতে হঠাতে আৰ্থিক উন্নতি হয়, কোনো দিশৰ পৰা হঠাতে নভবাকৈ ধন আহিবলৈ আৰম্ভ কৰে তেন্তে এয়া মা লক্ষ্মীৰ আগমনৰ সংকেত হ'ব পাৰে।
যদি আপোনাৰ ঘৰত থকা তুলসী গছ, মানি প্লান্ট আদি ধুনীয়া আৰু উজ্বল হৈ পৰে তেন্তে এয়া হ'ব পাৰে মা লক্ষ্মী আগমনৰ সংকেত।
ইয়াৰোপৰি ঘৰত ক'লা পৰুৱা অহা মা লক্ষ্মীৰ আগমনৰ সংকেত হ'ব পাৰে। ইয়াৰোপৰি ঘৰত চৰাই বাঁহ সজা, সপোনত চৰাই, শংখ আদি দেখা মা লক্ষ্মী আগমনৰ সংকেত হ'ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক