দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ২১ আগষ্ট। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস
আজি ২১ আগষ্ট । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২১ আগষ্টত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
- ১৬৮৯ চনত স্কটলেণ্ডত ডাংকেল্ড যুদ্ধ হৈছিল।
- ১৭১৮ চনত তুৰস্ক আৰু ভেনিচৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়।
- ১৮৪২ চনত তাছমেনিয়াৰ এখন চহৰ হবাৰ্ট প্ৰতিষ্ঠা কৰা হয়।
- প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইটালীয়ে ১৯১৫ চনত তুৰস্কৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
- ১৯৪৪ চনত আমেৰিকা, ব্ৰিটেইন, ৰাছিয়া আৰু চীনৰ প্ৰতিনিধিসকলে ৰাষ্ট্ৰসংঘৰ পৰিকল্পনা কৰিবলৈ বৈঠকত মিলিত হয়।
- ১৯৬৮ চনত চেকোস্লোভাকিয়াৰ স্থানীয় ৰেডিঅ’ই ছোভিয়েট নেতৃত্বত পেৰাগুৱেৰ ওপৰত আক্ৰমণৰ কথা ঘোষণা কৰে।
- ১৯৭২ চনত সংসদত গৃহীত হৈছিল বন্যপ্ৰাণী সুৰক্ষা আইন।
- ১৯৮৮ চনত ভাৰত-নেপাল সীমান্তত হোৱা ভয়াৱহ ভূমিকম্পত এক হাজাৰ লোকৰ মৃত্যু হৈছিল।
- ১৯৯৩ চনত ৰাষ্ট্ৰপতি বৰিছ য়েলচিনে ৰাছিয়াৰ সংসদ ভংগ কৰে।
- স্বাধীনতা সংগ্ৰামী, সমাজবাদী নেতা তথা উত্তৰ প্ৰদেশ, ওড়িশা আৰু পশ্চিম বংগৰ প্ৰাক্তন গৱৰ্ণৰ বি সত্য নাৰায়ণ ৰেড্ডীৰ জন্ম হৈছিল ১৯২৭ চনত।
- ভাৰতীয় অভিনেত্ৰী ভূমিকা চাওলাৰ জন্ম হৈছিল ১৯৭৮ চনত।
- ভাৰতৰ কনিষ্ঠ আৰু বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ জন্ম হৈছিল ১৯৭৯ চনত।