দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২১ আগষ্ট। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

21 Aug 2025 | 08:57 AM

আজি ২১ আগষ্ট । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২১ আগষ্টত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

  1. ১৬৮৯ চনত স্কটলেণ্ডত ডাংকেল্ড যুদ্ধ হৈছিল।
  2. ১৭১৮ চনত তুৰস্ক আৰু ভেনিচৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়।
  3. ১৮৪২ চনত তাছমেনিয়াৰ এখন চহৰ হবাৰ্ট প্ৰতিষ্ঠা কৰা হয়।
  4. প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইটালীয়ে ১৯১৫ চনত তুৰস্কৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  5. ১৯৪৪ চনত আমেৰিকা, ব্ৰিটেইন, ৰাছিয়া আৰু চীনৰ প্ৰতিনিধিসকলে ৰাষ্ট্ৰসংঘৰ পৰিকল্পনা কৰিবলৈ বৈঠকত মিলিত হয়।
  6. ১৯৬৮ চনত চেকোস্লোভাকিয়াৰ স্থানীয় ৰেডিঅ’ই ছোভিয়েট নেতৃত্বত পেৰাগুৱেৰ ওপৰত আক্ৰমণৰ কথা ঘোষণা কৰে।
  7. ১৯৭২ চনত সংসদত গৃহীত হৈছিল বন্যপ্ৰাণী সুৰক্ষা আইন।
  8. ১৯৮৮ চনত ভাৰত-নেপাল সীমান্তত হোৱা ভয়াৱহ ভূমিকম্পত এক হাজাৰ লোকৰ মৃত্যু হৈছিল।
  9. ১৯৯৩ চনত ৰাষ্ট্ৰপতি বৰিছ য়েলচিনে ৰাছিয়াৰ সংসদ ভংগ কৰে।
  10. স্বাধীনতা সংগ্ৰামী, সমাজবাদী নেতা তথা উত্তৰ প্ৰদেশ, ওড়িশা আৰু পশ্চিম বংগৰ প্ৰাক্তন গৱৰ্ণৰ বি সত্য নাৰায়ণ ৰেড্ডীৰ জন্ম হৈছিল ১৯২৭ চনত।
  11. ভাৰতীয় অভিনেত্ৰী ভূমিকা চাওলাৰ জন্ম হৈছিল ১৯৭৮ চনত।
  12. ভাৰতৰ কনিষ্ঠ আৰু বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ জন্ম হৈছিল ১৯৭৯ চনত।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...