আজি শ্বহীদ দিৱস, ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ ঘটনা পৰিঘটনা…

আজি ১০ ডিচেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটো অসমত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ লগতে এই দিনটো কি কি ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে চাওঁ আহক।

আজি শ্বহীদ দিৱস, ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ ঘটনা পৰিঘটনা...
Updated On: 

10 Dec 2025 08:41 AM

অসম আৰু বিশ্ব ইতিহাসত আজিৰ দিনটো বহু গুৰুত্বপূৰ্ণ পৰিঘটনাৰ বাবে লিপিবদ্ধ হৈছে। আজি হেমকোষৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ ওপজা দিন। একে সময়তে আজি ১০ ডিচেম্বৰৰ দিনটো অসমত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। আজিৰ দিনটোতে বৰপেটা জিলাৰ ভৱানীপুৰত আৰক্ষীৰ গুলীত নিহত হৈছিল ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ।

১৮৩৫ চনৰ ১০ ডিচেম্বৰত জন্ম হৈছিল অসমীয়া অভিধান হেমকোষৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱা। ১৯৭৯ চনৰ ১০ ডিচেম্বৰত ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ হয় খৰ্গেশ্বৰ তালুকদাৰ। বৰপেটা জিলাৰ ভৱানীপুৰত পুলিচৰ গুলীত প্ৰাণত্যাগ দিছিল খৰ্গেশ্বৰ তালুকদাৰে। অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই এই বিশেষ দিনটি শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে ৰাজ্যবাসীয়ে। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত ডিছেম্বৰৰ ১০ তাৰিখে ৰাজ্যজুৰি কৰা হয় শ্বহীদ দিৱস।

আজিৰ দিনটোতে অৰ্থাৎ ১৮৯৬ চনত আলফ্ৰেড নোবেলৰ মৃত্যু হয়। তেওঁৰ নামত নোবেল বঁটা প্ৰদান কৰা হয়। মৃত্যুৰ পাঁচ বছৰৰ পাছত ১৯০১ চনত প্ৰথম নোবেল বঁটা প্ৰদান কৰা হয়। আলফ্ৰেডে ডাইনামাইট আৱিষ্কাৰ কৰিছিল। ১৮৬৭ চনত তেওঁ ইয়াৰ পেটেণ্ট লাভ কৰে। ইয়াৰ উপৰিও মানৱ অধিকাৰ সুৰক্ষাৰ বাবে ১০ ডিচেম্বৰৰ বিশেষ তাৎপৰ্য আছে। এই দিনটো আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। ৰাষ্ট্ৰসংঘই ১৯৫০ চনত ১০ ডিচেম্বৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে ঘোষণা কৰিছিল, যাৰ উদ্দেশ্য আছিল বিশ্বজুৰি মানুহৰ মাজত মানৱ অধিকাৰৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা।

১০ ডিচেম্বৰ দিনটোৰ ইতিহাস

১৮৭৮ চনত ৰামপুৰত জামিয়া মিলিয়া ইছলামিয়াৰ অন্যতম প্ৰতিষ্ঠাপক মহম্মদ আলী জৌহৰৰ জন্ম হয়।

১৮৯৬ চনত নোবেল বঁটাৰ প্ৰতিষ্ঠাপক আলফ্ৰেড বাৰ্নহাৰ্ড নোবেলৰ মৃত্যু হয়।

১৮৯৮ চনত পেৰিছ সন্ধিৰ জৰিয়তে স্পেনিছ-আমেৰিকান যুদ্ধৰ অন্ত পৰে।

১৯০২ চনত তাছমেনিয়াৰ মহিলাসকলে ভোটাধিকাৰ লাভ কৰে।

১৯৫০ চনত ১০ ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস হিচাপে ঘোষণা কৰে।

২০০১ চনত প্ৰবীণ অভিনেতা অশোক কুমাৰৰ মৃত্যু হয়।

২০০৭ চনত ক্ৰীষ্টিনা ফাৰ্নাণ্ডেজ ডি কিৰ্চনাৰ আৰ্জেণ্টিনাৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হয়।

কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে? জানক...
ময়ূৰৰ পাখি কিতাপৰ মাজত ৰাখিলে কি হয় জানেনে? সবিশেষ...
ধনেৰে উপচি পৰিব সকলো! জানক ৫টা সহজ অভ্যাস...
হ'ব সমস্যা! এইসকল লোকে ভুলতো খালী পেটত খাব নালাগে নহৰু...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...