ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে দিল্লীৰ চুলতান মুইজুদ্দিন বাহৰাম শ্বাহৰ সেনাই বিদ্ৰোহ কৰি চুলতানক হত্যা কৰে। একেদৰে আজিৰ দিনটোতে ভাৰতীয় কমেডিয়ান জনী ৱাকাৰৰ জন্ম হয় । ছোভিয়েট ইউনিয়নে আজিৰ দিনটোতে স্পুটনিক-৩ ৰকেট উৎক্ষেপণ কৰে। চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
Published: 

15 May 2025 | 09:22 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । ১২৪২ চনৰ আজিৰ দিনটোতে দিল্লীৰ চুলতান মুইজুদ্দিন বাহৰাম শ্বাহৰ সেনাই বিদ্ৰোহ কৰি চুলতানক হত্যা কৰে। একেদৰে আজিৰ দিনটোতে ভাৰতীয় কমেডিয়ান জনী ৱাকাৰৰ জন্ম হয় । ছোভিয়েট ইউনিয়নে আজিৰ দিনটোতে স্পুটনিক-৩ ৰকেট উৎক্ষেপণ কৰে। আজিৰ দিনটোতে কুৱেইট চৰকাৰে মহিলাসকলক সংসদীয় নিৰ্বাচনত ভোটাধিকাৰ প্ৰদান কৰে। চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনা ।

আজিৰ দিনটোৰ ঘটনা পৰিঘটনা

  1. ১২৪২ চনৰ আজিৰ দিনটোতে দিল্লীৰ চুলতান মুইজুদ্দিন বাহৰাম শ্বাহৰ সেনাই বিদ্ৰোহ কৰি চুলতানক হত্যা কৰে।
  2. ১৮১৭ চনৰ আজিৰ দিনটোতে সমাজ সংস্কাৰক দেৱেন্দ্ৰনাথ ঠাকুৰৰ জন্ম হয়।
  3. ১৯০৭ চনৰ আজিৰ দিনটোতে ভগত সিং আৰু ৰাজগুৰুৰ সৈতে হাঁহি হাঁহি ফাঁচীকাঠত যোৱা সুখদেৱ থাপাৰৰ জন্ম।
  4. ১৯২৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় কমেডিয়ান জনী ৱাকাৰৰ জন্ম হয়।
  5. ১৯৩৫ চনৰ আজিৰ দিনটোতে মস্কো মেট্ৰ’ জনসাধাৰণৰ বাবে মুকলি কৰা হয়।
  6. ১৯৫৮ চনৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নে স্পুটনিক-৩ ৰকেট উৎক্ষেপণ কৰে।
  7. ১৯৬৭ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিতৰ জন্ম হয়।
  8. ১৯৯৫ চনৰ আজিৰ দিনটোতে এলিছন হাৰগ্ৰিভছে অক্সিজেন চিলিণ্ডাৰ অবিহনে এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
  9. ১৯৯৯ চনৰ আজিৰ দিনটোতে কুৱেইট চৰকাৰে মহিলাসকলক সংসদীয় নিৰ্বাচনত ভোটাধিকাৰ প্ৰদান কৰে।
  10. ২০০২ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইৰাকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অনুমোদন জনায়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...